Wednesday, March 11, 2026
Homeঅসমতিনি মাহত ৩ কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কাজিৰঙাত 

তিনি মাহত ৩ কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কাজিৰঙাত 

 

ডিজিটেল ডেস্ক, ANEWS24X7: নতুন বছৰৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দিলে ভাল খবৰ । ২০২২-২৩ বৰ্ষত পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পিছতে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কাজিৰঙা ।

এতিয়া দেশী বিদেশী পৰ্যটকে ভিৰ কৰিছে কাজিৰঙাত । যোৱা তিনিটা মাহত কাজিৰঙালৈ আহিছে প্ৰায় ১ লাখ ৩৬ হাজাৰ দেশী-বিদশী পৰ্যটক । ইয়াৰ ভিতৰত ৩ হাজাৰ ৮০ গৰাকী বিদেশী পৰ্যটক । পৰ্যটকৰ সংখ্যই এতিয়া অভিলেখৰ সৃষ্টি কৰিছে ।  

আনহাতে ৰাজহ সংগ্ৰহ হৈছে ৩কোটি ৪১ লাখ ৩ হাজাৰ ৫০০ টকা । এই কথা সদৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ নাথ শৰ্মাই ।

উল্লেখ্য যে ২০২২ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা ৰোধ কৰাত সফল হৈছিল । চোৰাং চিকাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments