ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্য এতিয়া প্ৰচণ্ড শীত । প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ চিৰিয়াখানাৰ জীৱ জন্তুবোৰৰ বাবে চিৰিয়াখান কৰ্তৃপক্ষয় গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ।শীতকালত জন্তুবোৰ গৰম ৰাখিবলৈ গুৱাহাটী চিৰিয়াখানাত হিটাৰ স্থাপন কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ।
চিৰিয়াখানা কৰ্তৃপক্ষই ৰয়েল বেংগল টাইগাৰৰ বাবে ৰুম হিটাৰ, সিংহৰ বাবে ব্ল’ৱাৰ আৰু সৰীসৃপৰ বাবে হাই ভল্টেজ বাল্বৰ ব্যৱস্থা কৰা হৈছে। চাৰিওফালে গছ গছনিৰে আৱৰা চিৰিয়াখানা চৌহদৰ প্ৰচণ্ড ঠাণ্ডা ৰোধ কৰিবলৈ জীৱ জন্তুৰ কক্ষৰ সন্মুখত স্থাপন কৰা হৈছে হিটাৰ।
গুৱাহাটী চিৰিয়াখানাৰ কৰ্মচাৰী ৰজনীকান্ত ডেকাই কয় যে , “আমি শীতকালত গৰম ৰখাৰ বাবে জন্তুবোৰৰ পিঞ্জৰাৰ ওচৰত সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছো আৰু হিটাৰ স্থাপন কৰিছো। আমি সিংহ আৰু বাঘৰ বাবে হিটাৰ স্থাপন কৰিছো আৰু ভালুকৰ বাবে খৰি ব্যৱহাৰ কৰিছো । চৰাইৰ বাবে, ২০০ ৱাটৰ বাল্ব সজোৱা হৈছে, আৰু সেই পিঞ্জৰাবোৰ ৰাতি প্লাষ্টিকৰে ঢাকি ৰখা হৈছে,”।
উল্লেখ্য যে চিৰিয়াখানা কৰ্তৃপক্ষয় পিঞ্জৰাত গৰম কৰাৰ প্ৰণালীৰ উপৰিও, অত্যাধিক বতৰত চৰাই, জন্তু আৰু অন্যান্য কয়েদীসকলক সুৰক্ষা দিবলৈ প্লাষ্টিকৰ চাদৰ আৰু বাল্বৰ ব্যৱস্থা কৰিছে ।