Sunday, July 6, 2025
Homeঅসমদুখবৰঃ প্ৰত্যাৱৰ্তন কৰা নহয় যশপ্ৰীত বুমৰাহক

দুখবৰঃ প্ৰত্যাৱৰ্তন কৰা নহয় যশপ্ৰীত বুমৰাহক

 

 

ডিজিটেল ডেস্ক, ANEWS24X7:  প্ৰত্যাৱৰ্তন নহয় যশপ্ৰীত বুমৰাহৰ । মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলাত প্ৰত্যাৱৰ্তন কৰা নহয় বুমৰাহৰ ।

এদিনীয়া শৃংখলাখনত দলত অন্তৰ্ভুক্ত হোৱাটো এক প্ৰকাৰৰ নিশ্চিত আছিল । দীৰ্ঘদিনৰ বিৰতিৰ অন্তত পুনৰ ভাৰতীয় দলত বুমৰাহক দেখা পাব বুলি আশাবাদী আছিল ক্ৰিকেট প্ৰেমি । পিছে শেষ মুহৰ্তত দলৰ পৰা বাদ দিয়া হ’ল বুমৰাহক ।

বিচিচিআইৰ সূত্ৰৰ খবৰ অনুসৰি বুমৰাহক বৰ্তমানেও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই । সম্পূৰ্ণ সুস্থ হ’বলৈ বুমৰাহক আৰু কিছুদিনৰ প্ৰয়োজন হ’ব । অৱশ্যে বুমৰাহৰ স্থানত কোন খেলুৱৈক অন্তৰ্ভুক্ত কৰিব সেয়া প্ৰকাশ কৰা নাই ।

মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া খেলখনত অংশগ্ৰহণ কৰা খেলুৱৈসকল হ’ল- ৰোহিত শৰ্মা (অধিনায়ক) শভমন গিল, বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াস আয়াৰ, কে এল ৰাহুল (উইকেট কিপাৰ) ঈশান কিষাণ (উইকেট কিপাৰ), হাৰ্ডিক পাণ্ডিয়া (উপ-অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, য়ুযবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্সৰ পেটেল, মহম্মদ ছামি, মহম্মদ ছিৰাজ, উমৰান মালিক আৰু অৰ্শদীপ সিং।

উল্লেখ্য যে মঙললবাৰে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়া । ইতিমধ্যে গুৱাহাটীত দুয়োটা দলৰ খেলুৱৈসকল উপস্থিত হৈছে । সোমবাৰে দুয়োটা দলৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে অনুশীলনত ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments