ডিজিটেল ডেস্ক ANEWS24X7: ৩১ জানুৱাৰীৰ পৰা ৬ এপ্ৰিললৈ সংসদৰ বাজেট অধিৱেশন ৷ এই বাজেট অধিৱেশনত ৬৬ দিনত মুঠ ২৭ খন বৈঠক অনুষ্ঠিত কৰা হ’ব ৷ অধিৱেশনখন সংসদৰ কেন্দ্ৰীয় হলত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মুৰ ভাষণেৰে আৰম্ভ কৰা হ’ব ৷
সংসদৰ দুয়োখন সদনত ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মুৰ এয়া প্ৰথম ভাষণ হ’ব ৷ এক টুইট যোগে এই কথা সদৰী কৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷
বিভাগ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিবোৰে অনুদানৰ দাবীবোৰ পৰীক্ষা কৰিবলৈ আৰু তেওঁলোকৰ মন্ত্ৰালয় আৰু বিভাগসম্পৰ্কীয় প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সক্ষম কৰাৰ বাবে ১৪ ফেব্ৰুৱাৰীৰ পৰা ১২ মাৰ্চলৈ বিৰতি দিয়া হ’ব।
বাজেট অধিৱেশনৰ প্ৰথম অংশত দুয়োখন সদনে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদ প্ৰস্তাৱৰ ওপৰত বিতং আলোচনা কৰিব আৰু তাৰ পিছতে কেন্দ্ৰীয় বাজেটসন্দৰ্ভত আলোচনা কৰা হ’ব ।