Tuesday, July 8, 2025
Homeঅসমবিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হ’ব চৰাইদেউ মৈদাম

বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হ’ব চৰাইদেউ মৈদাম

ডিজিটেল ডেস্ক, A NEWS 24×7 : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ পৰা একমাত্ৰ মনোনয়ন হ’ব চৰাইদেউ মৈদাম৷ ৰাজ্য চৰকাৰে ২০১৪ চনৰ পৰাই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল।

২১ জানুৱাৰীৰ নিশাই ইউনেস্ক’লৈ আনুষ্ঠানিক প্ৰস্তাৱ পঠিয়াব। আজি জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিব দিয়ে।


মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বৰ্তমান দেশত প্ৰায় ৫২টা ঐতিহাসিক ক্ষেত্ৰ এই প্ৰতিযোগিতাত আছে। কিন্তু এখন সদস্য ৰাষ্ট্ৰই কেৱল এটা নামহে প্ৰেৰণ কৰিব পাৰে সেয়েহে অসমৰ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments