Friday, November 8, 2024
Homeঅসমসৰস্বতী পূজাৰ উপাসনাৰ শুভ সময় কেতিয়া?

সৰস্বতী পূজাৰ উপাসনাৰ শুভ সময় কেতিয়া?

ডিজিটেল ডেস্ক, ANEWS24X7:মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা বসন্ত পঞ্চমী উৎসৱ পালন কৰা হয়। বসন্ত পঞ্চমীৰ দিনা জ্ঞান, কলা আৰু বিদ্যাৰ দেৱী সৰস্বতীক পূজা কৰা হয়। বসন্ত পঞ্চমীক সৰস্বতী পূজা বুলি জনা যায় । হিন্দু বৰ্ষপঞ্জী অনুসৰি, বসন্ত পঞ্চমী তিথি ২৫ জানুৱাৰী, বুধবাৰে দুপৰীয়া ১২ বাজি ৩৪ মিনিটত আৰম্ভ হ’ব। এই তিথি বৃহস্পতিবাৰে অৰ্থাৎ ২৬ জানুৱাৰীৰ পুৱা ১০ বাজি ২৮ মিনিটত সমাপ্ত হ’ব।আনহাতে এই বৰ্ষত বসন্ত পঞ্চমী বা সৰস্বতী পূজা ২৬ জানুৱাৰীত আছে।

এই বৰ্ষৰ সৰস্বতী পূজাৰ মুহূৰ্ত –

২৬ জানুৱাৰীত বসন্ত পঞ্চমীৰ দিনা সৰস্বতী পূজাৰ শুভ মুহূর্ত পুৱা ৭ বাজি ১২ মিনিটৰ পৰা ১২ বাজি ৩৪ মিনিটলৈ । এই দিনটোত সৰস্বতী পূজাৰ বাবে ৫ ঘণ্টাতকৈ অধিক সময় প্ৰাপ্ত হোৱাৰ লগতে বসন্ত পঞ্চমীত ৪ টা শুভ যোগ থাকে ।

এতিয়া জানো আহক বসন্ত পঞ্চমীৰ তাৎপৰ্য-

পৌৰাণিক কাহিনী অনুসৰি, বসন্ত পঞ্চমী উপলক্ষে দেৱী সৰস্বতীৰ অৱতৰণ হৈছিল, তেতিয়া সমগ্ৰ বিশ্বই বাণী আৰু জ্ঞান লাভ কৰিছিল। বসন্ত পঞ্চমী হৈছে দেৱী সৰস্বতীৰ জন্ম জয়ন্তী। সৰস্বতী দেৱীক এই দিনটোত শিক্ষানুষ্ঠানসমূহত উপাসনা কৰা হয়। এই পূজাত সৰস্বতী দেৱীৰ জ্ঞান আৰু কলাৰ আশীৰ্বাদ বিচৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments