ডিজিটেল ডেস্ক, ANEWS24X7: অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম দীপলিনা ডেকা। দীপলিনাৰ কণ্ঠত প্ৰাণ পাই বহু গীত জনপ্ৰিয় হৈছে। নিজৰ সুন্দৰ কণ্ঠৰে শ্ৰোতা–দৰ্শকক মুগ্ধ কৰি ৰাখিব পৰা শক্তি আছে দীপলিনাৰ। সেয়ে দীপলিনাৰ গান মানেই শ্ৰোতাৰ মনলৈ আহে উৎকণ্ঠা ।
সম্প্ৰতি সামাজিক মাধ্যমত দীপলিনাৰ আছে বহু অনুৰাগী । সেয়ে দীপলিনাৰ যিকোনো পোষ্টেই ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত । শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীয়ে সকলোৰে বাবে আনিছে এটা ভাল খবৰ।
আজি সন্ধিয়া মুক্তি পাব দীপলিনাৰ নতুন গীত ‘Ziddi Kaancha’। এই কথা কণ্ঠশিল্পী গৰাকীয়ে নিজে এক পোষ্টৰ জৰিয়তে জনাইছে ।ইপিনে গীতটোত কণ্ঠ নিগৰাইছে দীপলিনাই। গীতটো ৰচনা কৰিছে পাপলু চেতিয়াই আৰু মিউজিক কৰিছে পল্লৱ তালুকদাৰে। আনহাতে এই গীতটিত অভিনয়ত আছে দীপলিনা আৰু চাংকু নিৰঞ্জন নাথে ।