Tuesday, March 10, 2026
Homeউত্তৰ-পূৱভয়াৱহ ভূমিস্খলন! পোত গ'ল তিনি শ্ৰমিক

ভয়াৱহ ভূমিস্খলন! পোত গ’ল তিনি শ্ৰমিক

 

ডিজিটেল ডেস্ক, A NEWS 24×7 : বৃহস্পতিবাৰে মিজোৰামৰ খোৱাজাউল জিলাত সংগঠিত হৈছে এক ভয়ংকৰ ভূমিস্খলন।

জিলাখনৰ হাৰমন অঞ্চলত সংঘটিত হৈছে ভূমিস্খলন। বৰ্তমান সময়লৈকে ভূমিস্খলনৰ ফলত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ খবৰ জানিব পৰা গৈছে।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ অধীনস্থ বালাজী কোম্পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে পথ নিৰ্মাণ কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

নিহত কেইজন পশ্চিম বংগৰ মণ্ডল জিলাৰ বাসিন্দা প্ৰেম কুমাৰ মণ্ডল, ৰতেন মণ্ডল, আৰু আলোক মণ্ডল বুলি জানিব পৰা গৈছে।

মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিজ গৃহলৈ প্ৰেৰণ কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments