Saturday, July 5, 2025
Homeবাণিজ্যটুইটাৰ সেৱা ব্যাহত

টুইটাৰ সেৱা ব্যাহত

ডিজিটেল ডেস্ক ANEWS24X7: সামাজিক মাধ্যমৰ প্লেটফৰ্ম টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰাম আজি ডাউন হোৱা পৰিলক্ষিত হৈছে। বিশ্বব্যাপী, হাজাৰ হাজাৰ লোকে এই প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰিব পৰা নাই। যাৰ ফলত এই বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱহাৰকাৰীসকলে সৰ্বাধিক সংখ্যক বিভ্ৰান্তিৰ প্ৰতিবেদন দিছে।

বহুতো টুইটাৰ ব্যৱহাৰকাৰীয়ে কয় তেওঁলোকে নতুন টুইট পোষ্ট কৰিবলৈ পৰা নাই। তেওঁলোকে টুইটাৰত পোষ্ট কৰাৰ পিছত এটা ত্ৰুটি বাৰ্তা– ‘‘আপুনি টুইট প্ৰেৰণ কৰাৰ দৈনিক সীমা অতিক্ৰম কৰিছে’’ বুলি প্ৰাপ্ত কৰে। ইপিনে টুইটাৰৰ সমৰ্থন দলে এই ত্ৰুটিৰ বিষয়ে অৱগত হোৱাৰ কথা উল্লেখ কৰে আৰু ইয়াক ঠিক কৰিবলৈ চেষ্টা কৰাৰ কথা জানিবলৈ দিয়ে।

আনহাতে ইলন মাস্কে বিগত অক্টোবৰ মাহত কোম্পানীটো অধিগ্ৰহণ কৰাৰ পিছত টুইটাৰৰ কৰ্মশক্তি হ্ৰাস কৰিছিল, যাৰ ফলত কোম্পানীটোত বৰ্তমান অভিযন্তাৰ অভাৱ হৈছে। এইটোৱে টুইটাৰৰ সেৱাৰ সাৰ্থকতাক প্ৰভাৱিত কৰিছে আৰু ইয়াৰ বাবে টুইটাৰত বহুতো কাৰিকৰী ত্ৰুটিৰ সৃষ্টি হৈছে।

আউটেজ ট্ৰেকাৰ ডাউনডিটেক্টৰৰ মতে, বৃহস্পতিবাৰে টুইটাৰ ব্যৱহাৰকাৰীসকলে সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। পুৱা ৪ বাজি ২৩ মিনিটতলৈ সৰ্বাধিক ৮১০ জন লোকে টুইটাৰত সমস্যাটোৰ বিষয়ে ৰিপৰ্ট কৰে লগতে টুইটাৰ এপটোত ৪৩ শতাংশ ব্যৱহাৰকাৰী, ৱেবছাইটত ২৫ শতাংশ আৰু চাৰ্ভাৰ সংযোগ সম্পৰ্কীয় প্ৰতিবেদনৰ ১২ শতাংশ প্ৰতিবেদন পোৱা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments