ডিজিটেল ডেস্ক, ANEWS24X7:বেংক অৱ মহাৰাষ্ট্ৰৰ প্ৰধান ৰাজহুৱা বেংকে ৮৮ সংখ্যক ব্যৱসায় আৰম্ভ দিৱস উদযাপন কৰে গুৱাহাটী খণ্ড কাৰ্যালয়ত। এই অনুষ্ঠানত খণ্ড কাৰ্যালয় আৰু শাখাসমূহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰাৰ উপৰিও এই ব্যৱসায় আৰম্ভ দিৱস অতি বিশেষ ভাৱে বেংকে প্ৰডাক্ট উদ্ভাৱনৰ সৈতে ডিজিটেল প্ৰডাক্ট আৰু সেৱা মুকলি কৰে।
মন কৰিব লগীয়া যে এতিয়ালৈকে ৰূপান্তৰৰ যাত্ৰাৰ জৰিয়তে বেংকটোৱে অতিক্ৰম কৰা যাত্ৰা অবিশ্বাস্য। নতুন প্ৰজন্মৰ প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ লগে লগে বেংকে গ্ৰাহককেন্দ্ৰিক উচ্চতম পৰ্যায়ৰ সৈতে শ্ৰেষ্ঠ বেংকিং অভিজ্ঞতাৰ সুবিধা প্ৰদান কৰাৰ লগতে এক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি দিয়ে বেংকটোৰ কৰ্তৃপক্ষই ।

আনহাতে বেংক অৱ মহাৰাষ্ট্ৰৰ কৰ্তৃত্বশীল বিষয়ে জানিবলৈ দিয়া মতে গুৱাহাটীত নতুন প্ৰশাসনিক কাৰ্যালয় স্থাপন কৰা আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলত শাখা সম্প্ৰসাৰণৰ লগে লগে বেংক অৱ মহাৰাষ্ট্ৰই উত্তৰ-পূৱ অঞ্চলত ব্যৱসায়িক বিকাশৰ সবল বিকাশৰ দৃষ্টি নিক্ষেপ কৰে ।
উল্লেখয়োগ্য যে, এই উপলক্ষে গুৱাহাটীৰ খণ্ড পৰিচালক অজিত কুমাৰ চৌধুৰীয়ে ব্যৱসায়িক ব্যয়ৰ ক্ষেত্ৰত নতুন খণ্ড কাৰ্যালয় আৰু শাখাসমূহ অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে । ইফালে এই বেংকে উত্তৰ-পূবাঞ্চলত আৰু ১৩টা শাখা অতি সোনকালে মুকলি কৰাৰ পৰিকল্পনা কৰাৰ লগতে ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত মুঠ শাখাৰ সংখ্যা ৩৫টালৈ বৃদ্ধি হব বুলি জানিবলৈ দিয়ে।
