ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰদ্যুৎ মাণিক্যৰ তিপ্ৰামথা দলৰ হৈ প্ৰচাৰ জাতীয় পৰিষদৰ, গ্ৰেটাৰ টিপ্ৰালেণ্ডৰ দাবীৰ প্ৰতি মুকলি সমৰ্থন লুৰীণজ্যোতি গগৈৰ৷ নিৰ্বাচনী বতাহ তুংগত উঠা ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ অসমৰ জাতীয়তাবাদী আঞ্চলিক দলটোৰ সভাপতিগৰাকীয়ে চুবুৰীয়া ৰাজ্যখনৰ জাতীয়তাবাদী আঞ্চলিক দল তিপ্ৰামথাৰ হৈ কাইলৈ তিনিখন গণসমাৱেশত অংশগ্ৰহণ কৰিব৷ তিপ্ৰামথাৰ সভাপতি তথা ত্ৰিপুৰী ৰাজপৰিয়ালৰ উত্তৰাধিকাৰী মহাৰাজা প্ৰদ্যুৎ মাণিক্য উপস্থিত থাকিবলগীয়া উক্ত গণসমাৱেশত অংশগ্ৰহণ কৰিবৰ বাবে আন তিনিগৰাকী সহযোগীসহ আজি আগৰতলাত উপস্থিত হৈছে গগৈ৷ তেওঁৰ সৈতে দলৰ সম্পাদক ৰাজু ফুকন, যুটীয়া সম্পাদক কাষ্টম বসুমতাৰী আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আগৰতলাত উপস্থিত হয়৷
ত্ৰিপুৰাত অহা ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ ভোটগণনা হ’ব ২ মাৰ্চৰ দিনা৷
৬০খন আসন থকা ত্ৰিপুৰা বিধানসভাত তিপ্ৰমথাই ৪২টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ শাসনাধিষ্ঠিত বিজেপি দলে জনজাতীয় ৰাজনৈতিক দল আই পি এফ টিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ বিজেপিয়ে ৫৫খন আৰু আই পি এফ চিয়েল ৫খন আসনত প্ৰতিদ্বন্দিতা কৰিছে৷ আনহাতে কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে ছেকুলাৰ ডেম’ক্ৰেটিক ফ্ৰন্টিয়াৰ গঠনেৰে কংগ্ৰেছে ১৩খন আৰু চি পি আই (এম) দলে ৪৩খন আসনত প্ৰাৰ্থী আগবঢ়াইছে৷ তৃণমূল কংগ্ৰেছে ২৮ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷
লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ আৰু প্ৰদ্যুৎ মাণিক্যৰ তিপ্ৰামথা দলৰ মাজত আৰম্ভণিৰে পৰা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে৷ ত্ৰিপুৰী জাতীয়তাবাদৰ ধ্বনি দিয়া তিপ্ৰামথাৰ মুৰব্বী মহাৰাজ প্ৰদ্যুৎ মাণিক্য দেববাৰ্মাক ২০২১ চনৰ ছেপ্টেম্বৰ মাহত গুৱাহাটীলৈ মাতি নি অসম জাতীয় পৰিষদে ইয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ সমূহ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলৰ মাজত সমন্বয় স্থাপনৰ প্ৰস্তাৱ দিছিল৷ জাতীয় পৰিষদে সেই সভাখনতে তিপ্ৰমথাই উত্থাপন কৰি অহা তিপ্ৰালেণ্ড দাবীৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছিল৷ তিপ্ৰলেণ্ড দাবীৰ প্ৰতি সমৰ্থন দিয়া জাতীয় পৰিষদ হৈছে ত্ৰিপুৰাৰ বাহিৰত দেশৰ প্ৰথম ৰাজনৈতিক দল৷
কাইলৈ জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে তিপ্ৰমথাৰ সভাপতি মহাৰাজ প্ৰদ্যুৎ মাণিক্যৰ সৈতে কাইলৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিব৷৷