ডিজিটেল ডেস্ক, A NEWS 24X7 : ভাৰতৰ এগৰাকী ৰাজনৈতিক কৰ্মী আৰু কবি সৰোজিনী নাইডুৰ আজি ১৪৩সংখ্যক ওপজা দিন৷ ‘নাইটেংগেল অৱ ইণ্ডিয়া’হিচাপে পৰিচিত সৰোজিনী নাইডু এগৰাকী বিখ্যাত কবি আৰু ৰাজনীতিক আছিল। নাগৰিকৰ অধিকাৰ, নাৰী মুক্তি আৰু সাম্ৰাজ্যবাদ বিৰোধী ধাৰণাৰ প্ৰবক্তা নাইডুৱে ঔপনিৱেশিক শাসনৰ পৰা ভাৰতৰ আকাংক্ষিত স্বাধীনতাৰ বাবে চলা দীঘলীয়া সংগ্ৰামখনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷
১৮৭৯ চনৰ ১৩ ফেব্ৰুৱাৰীত হায়দৰাবাদত জন্ম গ্ৰহণ কৰিছিল সৰোজিনী নাইডুই । মাদ্ৰাজ, লণ্ডন আৰু কেমব্ৰিজত শিক্ষাগ্ৰহণ কৰিছিল সৰোজিনী নাইডুৱে। সৰোজিনী নাইডুৱে ১৯১৪ চনত ইংলেণ্ডত জাতিৰ পিতা মহাত্মা গান্ধীক লগ পাইছিল। মহাত্মা গান্ধীৰ লগত প্ৰায় তিনি দশক ধৰি দেশৰ হকে কাম কৰিছিল।
বিখ্যাত ডাণ্ডী যাত্ৰাত তেওঁ মহাত্মা গান্ধীৰ সহযোগী আছিল সৰোজিনী নাইডু। ১৯২৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্ত হোৱা নাইডুৱে ১৯৪৭ চনত ইউনাইটেড প্ৰভিন্সৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল৷
সৰোজিনী নাইডুৱে তেওঁৰ কবিতা বিলাক ইংৰাজী ভাষাত লিখিছিল। ‘The Bird of time ‘ নামৰ কবিতা পুথিখন বিশেষ ভাৱে উল্লেখযোগ্য।