Thursday, November 7, 2024
Homeঅসমফাগুণত আহিবা লৃগাং চাবলৈ...

ফাগুণত আহিবা লৃগাং চাবলৈ…

 

ডিজিটেল ডেস্ক, A NEWS24X7: আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে অনুষ্ঠিত হয় অসমৰ অন্যতম ভাষিক সম্প্ৰদায় তথা অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিং সকলৰ অন্যতম জাতীয় উৎসৱ আলি আঃয়ে লৃগাং। উখল মাখল পৰিৱেশ ৰাজ্যৰ মিচিং অধ্যূষিত অঞ্চল। বিগত বছৰবোৰৰ দৰেই ৰাজ্যজুৰি বিভিন্ন ঠাইত উদযাপন কৰিব মিচিং জনগোষ্ঠীৰ লোক সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাঙ।


আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন, মিচিং ভাষাত ইয়াক “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং”। এই উৎসৱত মিচিং জনগোষ্ঠীসকলে শস্য সিঁচাৰ লগতে বুঢ়া-বুঢ়ী, ডেকা-গাভৰু সকলোৱে মিলা প্ৰীতিৰে ভোজভাত খাই নানান নৃত্য-গীত কৰে।

প্ৰতি বছৰে মিচিংসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি এই উৎসৱ উৎসৱ বুলি পালন কৰা হয়। আগতে ফাগুন, চ‘ত বা ব‘হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (সেই সময়ৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments