Thursday, November 7, 2024
Homeঅসমবাল্য বিবাহৰ গোচৰত POCSO আইন

বাল্য বিবাহৰ গোচৰত POCSO আইন

 

ডিজিটেল ডেস্কANEWS24X7: ৰাজ্যত বিগত ৩ ফেব্ৰুৱাৰীৰ পৰা বাল্যবিবাহ বিৰোধী অভিযান চলি আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অন্তৰ্গত বাল্য বিবাহত লিপ্ত কেইবা সহস্ৰাধিক স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰে একাংশৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ কথাও ইতিমধ্যে জানিব পৰা গৈছে। এই ঘটনাই ৰাজ্যৰ বিভিন্ন ঠাইত পৰিস্থিতি উত্তপ্ত কৰি তুলিছে কিয়নো বহুতো মহিলাই নিজৰ স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ তথা আটক কৰাৰ বাবদ ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিল।

শেহতীয়াকৈ বাল্য বিবাহৰ গোচৰত POCSO আইন সংলগ্ন কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ এক মন্তব্য আগবঢ়াইছে । বাল্য বিবাহৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৪ ফেব্ৰুৱাৰীত বাল্যবিবাহৰ গোচৰত POCSO আইন সংলগ্ন কৰাৰ লগতে ধৰ্ষণৰ (376 IPC)ধাৰা সংলগ্ন কৰাক লৈ ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিছে ।

ইপিনে বাল্য বিবাহ বিৰোধী আইন, ২০০৬ POCSO আইনৰ অধীনত বিভিন্ন বিষয়ত ৰুজু কৰা গোচৰৰ কিছুমান অভিযুক্তক আগতীয়া জামিন প্ৰদান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে কয় এইবোৰ এনে বিষয় নহয় যাৰ বাবে আৰক্ষীৰ জিম্মাত সোধাপোছাৰ প্ৰয়োজন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments