ডিজিটেল ডেস্ক, ANEWS24X7: বাল্য বিবাহ সন্দৰ্ভত গ্ৰহণ কৰা অমানৱীয় পদক্ষেপৰ বাবে অসম আৰক্ষীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ককৰ্থনা আৰু দিল্লী আৰু মুম্বাইস্হিত বিবিচি কাৰ্যালয়ত তালাচী সন্দৰ্ভত আজি অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে সভাপতি ৰিপুণ বৰাই।
কোনো নীতি নিয়ম নোহোৱাকৈ বাল্য বিবাহৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ পৰিয়ালসমূহত প্ৰলয় সৃষ্টি কৰা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীযক কৰা ককৰ্থনা আৰু ভৰ্ৎসনাৰ প্ৰসংগ উত্থাপন কৰি সভাপতি ৰিপুণ বৰাই মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত মুখৰ হৈ পৰে। বৰাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে।
সভাপতি ৰিপুণ বৰাই কয়,’বাল্য বিবাহৰ সন্দৰ্ভত অসম আৰক্ষীয়ে গ্ৰহণ কৰা নীতি নিয়মহীন ব্যৱস্থাক সন্মানীয় উচ্চ ন্যায়ালয়ে ককৰ্থনা আৰু ভৰ্ৎসনা কৰাৰ বিষয়ে আমি সকলোৱে অৱগত হৈছো। ন্যায়ালয়ে অসম আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাই পৰিয়ালসমূহত প্ৰলয়ৰ সৃষ্টি কৰিছে বুলি স্পষ্ট ভাৱে উল্লেখ কৰিছে। অসম আৰক্ষীয়ে পকছো (POCSO: Protection of Child from sexual offence) আইনৰ অধীনত বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো অৰ্থহীন। ১৩ বছৰৰ তলৰ শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰতহে পকছো আইন প্ৰযোজ্য হয়। এই ক্ষেত্ৰত কোনো যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হোৱা নাই বুলি ন্যায়ালয়ে উল্লেখ কৰিছে।
পৰিয়ালসমূহক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জগৰীয়া। তেওঁৰ নিৰ্দেশক্ৰমেহে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে।
আনহাতে বিগত সময়ছোৱাত কেইবাটাও ক্ষেত্ৰত অসম আৰক্ষী উচ্চ ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মুখীন হৈ অহা আমি লক্ষ্য কৰিছো। বটদ্ৰৱা থানা জ্বলাই দিয়া কাণ্ডত অভিযুক্তৰ ঘৰ বুলডজাৰেৰে ভাঙি দিয়া কাৰ্য, ভুৱা একাউণ্টাৰ আদি সন্দৰ্ভত অসম আৰক্ষীয়ে ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হ’বলগা হৈছে। এই সকলোবোৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু ইয়াৰ বাবে আইনৰ ওচৰত ড° শৰ্মা জবাবদিহি হ’বলগা হোৱা নাই। অসম আৰক্ষীহে জগৰীয়া হোৱাৰ লগতে তেওঁলোকৰ ভাৱমূৰ্তি নষ্ট হৈছে।
বাল্য বিবাহৰ সন্দৰ্ভত অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে ৪ গৰাকীয়ে প্ৰাণ হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকৰ জীৱন ঘূৰাই দিব পাৰিব নেকি?
আৰক্ষী বিষয়া আৰু আমোলাসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবলৈ সকলো নিৰ্দেশ পালন কৰিবলৈ আগবাঢ়ব নালাগে। নীতি বহিৰ্ভূতভাৱে দিয়া নিৰ্দেশ পালন কৰিবলৈ তেওঁলোক বাধ্য নহয়।’
বিবিচিৰ কাৰ্যালয়ত আয়কৰৰ তালাচীক গৰিহণা অসম তৃণমূলৰ
ইফালে বুধবাৰে নতুন দিল্লী আৰু মুম্বাইস্হিত বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগে চলোৱা তালাচীৰ সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
তেওঁ কয়,’মঙলবাৰে নতুন দিল্লী আৰু মুম্বাইস্হিত বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ জৰিয়তে তালাচী চলোৱাই বিজেপি চৰকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আন এক মোক্ষম আঘাত হানিলে। ২০০২ চনৰ গুজৰাটৰ গোধৰা কাণ্ড সন্দৰ্ভত নিৰ্মাণ কৰা ‘India: The Modi Question’ শীৰ্ষক তথ্যচিত্ৰৰ সম্প্ৰচাৰ কৰাৰ পাছতে বিবিচিৰ বিৰুদ্ধে উঠি পৰি লাগিল বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তথ্যচিত্ৰ নিৰ্মাণৰ লগে লগে বিজেপি চৰকাৰে বিবিচিত দুৰ্নীতি দেখা পালে। এয়া নিত্যান্তই গৰিহণাৰ যোগ্য। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ইয়াৰ
পূৰ্বে ভাৰতত এই তথ্যচিত্ৰৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছিল ভাৰত চৰকাৰে।
বৰাই লগতে বিজেপি চৰকাৰে ক্ৰমাগতভাৱে সংবাদ মাধ্যমৰ ওপৰত শীতল আক্ৰমণ চলাই অহাৰ অভিযোগ উত্থাপন কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এই আঘাত দেশৰ বাবে অশুভ বুলি মন্তব্য কৰে।