Wednesday, March 11, 2026
Homeৰাশিফলআজি দিনটো আপোনাৰ কেনেদৰে যাব, চাওক দিনটোৰ ৰাশিফল

আজি দিনটো আপোনাৰ কেনেদৰে যাব, চাওক দিনটোৰ ৰাশিফল

মেষ ৰাশি – যিবোৰ সমস্যা আপোনাক চিন্তিত কৰি তুলিছে,সেইবোৰক সাহস, কুটনীতি আৰু প্ৰতুতপন্ন্তাৰে সমাধান কৰাৰ চেষ্টা কৰক। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহতঁৰ আজি লোকচান হব পাৰে । সময় থাকোঁতেই যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। আপোনাাৰ বন্ধুৰ উদাৰ ভাৱৰ ভুল ব্যৱহাৰ নকৰিব। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হব পাৰে। কাৰ্য ক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আজি আপুনি জীৱন সংগীৰ লগত ৰোমাণ্টিক ভাৱে কটাব পাৰে , এনেকৈ দুয়োজনৰে সম্বন্ধ অধিক শক্তিশালী হব।

বৃষ ৰাশি –স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপাণ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক , এইবোৰে আপোনাৰ শাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিক ভাবে দূৰ্বলো কৰি তোলে। নিজৰ ব্যক্তিগত জীৱনৰ পৰা অলপ সময় উলিয়াই দান-পূণ্যৰ কামত কিছু সময় ব্যতিত কৰক, ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব ,কিন্তু ইয়াৰ বাবে নিজৰ ব্যক্তিগত জীৱনক চুক্তিত দাখিল নকৰিব। আপুনি দুয়োটা বিষয়তে সমান ধ্যান দিয়া উচিত। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ ব্যযস্ত দিনযোৰাৰ বাবে আপোনাৰ জীৱন সংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাৱিব পাৰে আৰু তেখেত এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে।

মিথুন ৰাশি – স্বাস্থ্যৰ ৰ ওপৰত যত্ন লোৱা আৱশ্যকতা আছে। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাইৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্ত্ব সূলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, নাথাকিব কোনো শব্দ না কোনো চন্দ কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে ,আপোনাৰ জীৱন সংগীৰ লগত কথা পাতক আৰু কিছু জীৱন দায়িনী পৰিকল্পনা তৈয়াৰ কৰক।

কৰ্কট ৰাশি – আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। আজি কৰা আৰ্থিক নিৱেশ সমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। সন্তানৰ পৰা পোৱা খবৰে আপোনাৰ দিন ভাল কৰি তুলিব পাৰে। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব ,কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ’ব। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। যিসকল লোক কামত ব্যস্ত আছিল সিহতঁ আজি নিজলৈ সময় পাব পাৰে কিন্তু ঘৰত কাম এটা আহি যোৱা বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব।

সিংহ ৰাশি – কিছুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিত ভাৱে আকৰ্ষণীয় কৰি তুলিব। কোনোবা পূৰণি বন্ধুয়ে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে যদি আপুনি তেখেতক আৰ্থিক ভাৱে সহায় কৰে তেন্তে আপোনাৰ আৰ্থিক অবস্থাও অলপ দূৰ্বল হব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পইচালৈ কলহ হব পাৰে । পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। আইটি ৰ লগত জড়িত লোক সমূহক নিজৰ শৈলী দেখুওৱাৰ সুযোগ লাভ কৰিব পাৰে ,আপুনি সফলতা পাবৰ বাবে কামত একাগ্ৰতাৰে কষ্ট কৰিলে সুফল লাভ কৰিব। মনৰ নিকটতম মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপুনি এইটো কামত অসক্ষম হব। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনা সমূহ ব্যক্ত কৰিব।

কন্যা ৰাশি – হতাশা আৰু চিন্তাই আপোনাৰ বেমাৰ বঢ়াব পাৰে ,শান্ত অনুভৱ কৰিবলৈ পৰিয়াল আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰক। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। পৰিয়ালত এক নতুন সদস্যৰ অহাৰ খবৰে আপোনাক নথৈ আনন্দিত কৰি তুলিব ,সমাৰোহ আয়োজিত কৰি আপুনি এই সুখৰ বতৰা সকলোৰে লগত ভগাব বিচাৰিব। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব। আপুনি যদি কৰ্মক্ষেত্ৰত ভাল ফল পাব বিচাৰিছে তেন্তে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ত্ব দিয়ক নহলৰ বচঁৰ দৃষ্টিত সদায় বেয়া হৈ থাকিব। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে । কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হব পাৰে। বৈবাহিক জীৱনৰ কিছুমান দায় দোষ থাকি যায় , আজি আপুনি এইবোৰৰ সন্মুখীন হব পাৰে।

তুলা ৰাশি – খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। প্ৰেম ৰোমাঞ্চ বহুত ৰোমাণ্টিক হব ,এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সচাকৈ ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক। আজি আপুনি কঠোৰ পৰিশ্ৰমৰে কাৰ্যক্ষেত্ৰত নিজৰ পৰিচয় দাঙি ধৰিব। আজি আপুনি আপোনাৰ জীৱনসংগীক চাৰপ্ৰাইজ দিব পাৰে , আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।

বৃশ্চিক ৰাশি – সুখেদি ভৰা ভাল দিন হয়। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দী আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, এইবাবে আজি আপুনি সচেতন হৈ কাম কৰা দৰকাৰ। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। বৈবাহিক জীৱনৰ বাবে এই দিন সচাকৈয়ে ভাল লগা হৈ পৰিব।

ধনু ৰাশি – কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্স প্ৰাপ্ত কৰিব। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰা বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। আপোনাৰ জীৱন সংগী আজি ওচৰ-চুবুৰীয়াৰ ৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে।

মকৰ ৰাশি – এজন আধ্যাত্মিক ব্যক্তি প্ৰচুৰ আশীৰ্বাদ আৰু মনত শান্তি লৈ আপোনালোকৰ তাত পদাৰ্পন কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ জীৱন সংগীৰ উপলব্ধিক প্ৰশংসা কৰক আৰু তাৰ সফলতা আৰু ভাগ্যৰ পূৰ্ণ উৎসৱ পালন কৰাওক । উদাৰ হওক আৰু সৎ হওক। ব্যক্তিগত বিষয় সমূহ নিয়ন্ত্ৰণত থাকিব। চেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তা ধাৰা লাভ কৰিব পাৰে। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে । কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হব পাৰে। আপুনি আপোনাৰ জীৱন লগৰীৰ গুণ বোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে।

কুম্ভ ৰাশি – বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ’ব। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোয়ে আপোনাৰ বাবে শ্ৰেয়। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ-বটৰা কৰাৰ এয়াই ভাল সময়। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক ,কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই লব পাৰে। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপ্নাক বহুত লাভ দিব পাৰে। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হব লগা হৈ আছে।

মীন ৰাশি – সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। আজি আপুনি ভাল ভাৱে পইচা আয় কৰিব-কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। পৰিয়ালৰ সদস্যৰ লগত হাঁহি-খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments