Tuesday, March 10, 2026
Homeউত্তৰ-পূৱউগ্ৰপন্থী গোটৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশত আৰক্ষীৰ অভিযান

উগ্ৰপন্থী গোটৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশত আৰক্ষীৰ অভিযান

ডিজিটেল ডেস্ক, ANEWS24X7: চাংলাং জিলাৰ ভাৰত ম্যানমাৰ সীমান্তৰ ৰিমা পুটক চক্ৰৰ লুংপাঙত Eastern Naga National Government চমুকৈ ENNG বিদ্ৰোহী গোটৰ শিবিৰ উৎখাত। বৃহস্পতিবাৰে বিয়লি অৰুণাচল প্ৰদেশ আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল এই অভিযান।

অৰুণাচল আৰক্ষীয়ে উগ্ৰপন্থী গোটৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ সম্ভেদ পায় শিবিৰটোত বাহৰ পাতি থকা পাঁচ জনকৈ ENNGকেডাৰ উক্ত শিবিৰৰ পৰা পলাই যাবলৈ সক্ষম হয়। এই অভিযানত AK-47 ৰাইফল – ১টা, M-16ৰাইফল – ১টা, হেণ্ড গ্ৰেনেড – ১টা, AK-47ৰ 7.62mmৰ ১০৪ ৰাউণ্ড আৰু 5.56mmৰ ২৩ ৰাউণ্ড সজীৱ গুলী, AK-47ৰ 7.62mmৰ মেগাজিন ৪টা, 5.56mmৰ মেগাজিন ২টা, চাৰ্জাৰ সহ ৱাকি-টকি এটা ছেট, লাইটাৰ ২০টা আৰু এখন পান কাৰ্ড যত নিকি উল্লেখ আছে এন্থনী টাইডং নামৰ এজন ব্যক্তিৰ পৰিচয়। 

G AP চুখু আপাৰ নেতৃত্বত চাংলাং জিলাৰ SP মিহিন গাম্বো আৰু STF বাহিনীৰ SPৰোহিত ৰাজবীৰ সিং আৰু চাংলাং আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল এই অভিযান। অৱশেষত আৰক্ষীৰ দলটোৱে উগ্ৰপন্থীয়ে বাহৰ পতা শিবিৰটোত অগ্নি সংযোগ কৰি নিচিহ্ন কৰি পেলায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments