ডিজিটেল ডেস্ক, ANEWS24X7: বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেবিনেট মন্ত্ৰীৰ এটা টুইটৰ প্ৰত্যুত্তৰত এনেদৰে প্ৰধানমন্ত্ৰীয়ে কয়; যে “এক বিশেষ যাত্ৰাৰ সমাপ্তি! মই আশা কৰিছো ভাৰত আৰু বিদেশৰ অধিক পৰ্যটকে গংগা বিলাস ক্ৰজৰ যাত্ৰাত অংশগ্ৰহণ কৰিব।” বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙ্গলবাৰে ডিব্ৰুগড়ত উপস্থিত হোৱা বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ ‘এম ভি গংগা বিলাস’ক আদৰণি জনাই ।
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছত অভ্যন্তৰীণ জলপথ খণ্ডটোৰ বাবে এক ঐতিহাসিক আৰু যুগান্তকাৰী ঘটনা বুলি অভিহিত কৰিছিল।
এমভি গংগা বিলাসে মঙ্গলবাৰে দিনৰ ২ বাজি ৩০ মিনিটত বগীবিলত উপস্থিত হৈছিল। ইয়াত উপস্থিত হোৱাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিশিষ্ট ব্যক্তিসকলে ইয়াত যাত্ৰা কৰা ২৮ গৰাকী বিদেশী পৰ্যটকক উষ্ম আদৰণি জনায়। ৩,২০০ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰমেৰে প্ৰথম যাত্ৰাৰ সফল সামৰণি পৰাত এমভি গংগা বিলাসে সমগ্ৰ দক্ষিণ এছিয়া অঞ্চলটোৰ নদী পৰ্যটনৰ সম্ভাৱনাৰ এক নতুন দুৱাৰ মুকলি কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ১৩ জানুৱাৰীত বাৰাণসীৰ পৰা ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত ক্ৰুজ জাহাজ – এমভি গংগা বিলাসৰ ফ্লেগ অফ কৰিছিল আৰু ৩৬ জন পৰ্যটকক কঢ়িয়াই নিব পৰা তথা তিনিটা ডেক আৰু ১৮ চ্যুটসম্পন্ন এই ক্ৰুজক অনন্য ডিজাইন আৰু ভৱিষ্যতৰ দৃষ্টিৰে সংগতি ৰাখি নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে পৰৱৰ্তী দুবছৰৰ বাবে ইয়াৰ উভয় পথৰ যাত্ৰাৰ বুকিং সম্পন্ন হৈছে। ইয়াৰ এই প্ৰথম যাত্ৰা কালত পৰ্যটকসকলে আজি অসমৰ ডিব্ৰুগড় পোৱাৰ পূৰ্বে পাটনা চাহিব, বুদ্ধ গয়া, বিক্ৰমশিলা, ঢাকা, সুন্দৰবন আৰু কাজিৰঙা আদি পৰ্যটন স্থানসমূহ দৰ্শনৰ সুযোগ লাভ কৰে।