Friday, November 8, 2024
Homeঅসমঅ’আংকল, এটি কণমানিৰ হৃদয়স্পৰ্শী ভিডিঅ’

অ’আংকল, এটি কণমানিৰ হৃদয়স্পৰ্শী ভিডিঅ’

ডিজিটেল ডেস্ক, ANEWS24X7: এটি কণমানি । পখিলা খেদাৰ বয়সত তাৰ এজন আৰক্ষী বিষয়ালৈ বিশেষ আহ্বান । এয়া ঠিক যে সি এতিয়াও মানুহ চিনিব পৰা হোৱা নাই। সি বুজা হোৱা নাই । কিন্তু সি মাক-দেউতাকৰ লৰা-ঢপৰা দেখি কিবা এটা যেন বুজিবলৈ চেষ্টা কৰিছে। সি চকু মেলাৰ পৰাই দেখি অহা ঘৰখনৰ চালিৰ তলত যেতিয়া মাকে এপদ এপদকৈ বস্তুবোৰ সামৰিছে, তেতিয়া সি নুবুজাকৈয়ে সৰু সৰু হাত দুখনেৰে মাকক সহায় কৰি দিছে। দেউতাকে যেতিয়া সামৰি থোৱা বস্তুবোৰ কান্ধত কঢ়িয়াই সুৰক্ষিত স্থানলৈ লৈ গৈছে, তেতিয়া সিয়ো এপদ এপদকৈ দেউতাকৰ সৈতে বস্তুবোৰ কঢ়িওৱাত সহায় কৰিছে।শিলসাঁকোত উচ্ছেদিত হোৱা ৩০০টা পৰিয়ালৰ ভিতৰত কোনো এটা পৰিয়ালৰে সদস্য সি।

‘ঘৰ’ কাকনো কয় সেয়া বুজি পোৱাৰ আগতেই আজি সি মাক-দেউতাক আৰু পৰিয়ালৰ বাকীবোৰ সদস্যৰ সৈতে এৰি থৈ আহিবলগীয়া হৈছে তাৰ ঘৰখন। দুখন হাতত আছে দুটা বাস্কেট। হয়তো তাত তাৰ মৰমৰ জোতাযোৰ বা খেলৰ লগৰী পুতলা গাড়ীখন আছে। সি মাক-দেউতাকক হয়তো সুধিছে- আমি কিয় বস্তুবোৰ সামৰি আছো? আমি ক’লৈ যাম? বা ক’ত থাকিম? কিন্তু ইয়াৰ উত্তৰত তাৰ মাক- দেউতাকেনো কি ক’ব ।

ইপিনে কণমানিটিয়ে দুই হাতত দুটা বাস্কেট লৈ ডাঙি সি কাষ চাপি আহিছে কৰ্তব্যৰত এজন আৰক্ষীৰ ওচৰলৈ আৰু দূৰৈৰ পৰাই সি মাত লগাইছে – অ আংকল… কণমানিটিৰ মুখৰ সেই মৰমলগা সম্বোধনটো শুনিয়েই বুকু শিঁয়ৰি উঠিব পাৰে প্ৰতিজন হৃদয়বানৰ। ইমান আন্তৰিকতাভৰা মাতষাৰ…ক্ৰমে আৰক্ষী জনৰ কাষলৈ কাষচাপি অহা কণমানিটিয়ে আকৌ কৈছে- ‘এতিয়াই আহিবলৈ নিদিবাচোন। আমাৰ বস্তু খালী কৰা হোৱা নাই… ১০ মিনিটমান দেৰিকৈ হব।’শিলসাঁকোৰ এই শিশুটিৰ সেই কথাখিনিৰ এটা ভিডিঅ’ কেমেৰাত বন্দী কৰিছে কোনোবাজনে। যি এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments