ডিজিটেল ডেস্ক, A NEWS 24×7 : যোৰহাটৰ চক বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকললৈ চৰকাৰৰ তৰফৰ পৰা এককালীন সাহাৰ্য। দেওবাৰে যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাবে সাহাৰ্য প্ৰদান কৰে।
যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত অগ্নিকাণ্ডত ক্ষতিৰ সন্মুখীন হোৱা মুঠ ২৪১ গৰাকী লোকক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য আগবঢ়ায়।
আনহাতে, যিসকলে যোৰহাট জিলা প্ৰশাসনক বেংক একাউণ্ট নম্বৰ প্ৰদান কৰিছে তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ জমা কৰিছে ধন। সৰ্বমুঠ এক কোটি তেৰ লাখ টকা প্ৰদান কৰিব ক্ষতিগ্ৰস্ত সকলক।