ডিজিটেল ডেস্ক. ANEWS24X7: গুৱাহাটীস্থিত চচলত মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাই চচলৰ পৰা জনতা ভৱনলৈ যাত্ৰা শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি সমূহ প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰ্ণ নকৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে লগতে তেওংলোকৰ দাবী সমূহ পূৰ্ণ কৰিবলৈ এনেদৰে প্ৰতিবাদ কৰে বুলি মন্তব্য প্ৰকাশ কৰিছে ।
ইপিনে জনতা ভৱনত মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে । আনহাতে ১০ হাজাৰ ৰন্ধন কৰ্মীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।