ডিজিটেল ডেস্ক, ANEWS24X7: নৰসিংহ হৈছে এটি দ্ব্যৰ্থবোধক শবসৰ লগতে ই ধৰ্মীয় দৃষ্টিকোণেৰে হিন্দুৰ আৰাধ্য দেৱতা বিষ্ণুৰ এক ৰুপক সূচায় । আনফালে ব্যৱহাৰিক দৃষ্টিকোণেৰে বহুল ব্যৱহৃত এবিধ খাদ্যোপযোগী তথা ঔষধি উদ্ভিদক সূচায়। এইবিধ উদ্ভিদৰ পাতক প্ৰধানকৈ তৰকাৰিৰ ৰুপত খোৱাৰ বাবেই ইংৰাজীত ইয়াক Curry leaf নামেৰে জনা যায় । নৰসিংহ গছ জোপোহা আৰু ১-২ মিটাৰ ওখ হয় ।
পাত চিৰহৰিৎ, যৌগিক আৰু উগ্ৰ গন্ধযুক্ত । ইয়াৰ এনে গন্ধৰ মূলতে হৈছে পাতত থকা ফেনলজাতীয় উপাদান । এই গন্ধৰ হেতুকে ই তৃণভোজী প্ৰাণীৰ অপচন্দৰ ।একেদৰেই আমাৰ শিশুসকলেও গন্ধৰ হেতুকেই ইয়াক খোৱাৰ প্ৰতি অনিচ্ছুকতা প্ৰকাশ কৰে। ইপিনে এইবিধ উদ্ভিদ অসমৰ লোকৰ অতি পৰিচিত । অৱশ্যে অসম বুলিয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি কিছু দেশতো বাৰুকৈ পৰিচিত । সেয়ে হ’লেও আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগত অন্য ঠাইৰ নৰসিংহৰ প্ৰজাতিগত পাৰ্থক্য পৰিলক্ষিত হয় ।
নৰসিংহৰ উপকাৰীতা জানো আহক –
১)নৰসিংহ চুলিৰ বাবে উপকাৰী।
২)নৰসিংহৰ পেষ্ট বনাই মুখত লগালে মুখৰ ছাল পৰিষ্কাৰ আৰু সুন্দৰ হয়।
৩)নৰসিংহ পাতে এনিমিয়া ৰোগ দূৰ কৰে।
৪)নৰসিংহ পাতে মধুমেহ কম কৰাত সহায় কৰে।
৫)নৰসিংহ পাতে ডায়েৰিয়া ভাল কৰাত সহায় কৰে।
৬)নৰসিংহই আমাৰ শৰীৰ টোক সংক্ৰমণৰ পৰা বচাই ৰাখে।
৭)নৰসিংহই ছালত হোৱা সংক্ৰমণ দূৰ কৰে।
৮)নৰসিংহ পাতে আমাৰ লিভাৰটোক সুৰক্ষা প্ৰদান কৰে।
৯)নৰসিংহ পাত খালে ওজন কম হয় আৰু কেলষ্টৰেল কম হয়।
১০)নৰসিংহ এণ্টিঅক্সিডেণ্টে বেয়া কেলষ্টৰেল কম কৰি আপোনাৰ হৃদয়টোক ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে