ডিজিটেল ডেস্ক, A NEWS 24×7 : লাচিত বৰফুকনৰ ওপৰত হাতে লিখা ৰচনাৰে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিলে অসমে। ৰচনা প্ৰতিযোগিতাত অংশ লৈছিল ৫৭ লাখ প্ৰতিযোগীয়ে।
বিশ্ব অভিলেখৰ বাবে বিবেচিত হয় ৪২.৯৪ লাখখন ৰচনা। অসমীয়াকে ধৰি অন্যান্য ৩০টা ভাষাত অংশগ্ৰহণ কৰিছিল প্ৰতিযোগীয়ে।
গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰা বিশ্ব অভিলেখৰ প্ৰমাণ-পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।