ডিজিটেল ডেস্ক, anews24x7: ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ তথা বংগৰ বক্সিৰহাট আৰক্ষীয়ে উন্নত জাতৰ দুটা মেকুৰী সহ ছয়টা অষ্ট্ৰেলিয়ান কলা বান্দৰ জব্দ কৰে । উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীৰ পৰা মহাৰাষ্ট্ৰলৈ যোৱা এখন টাটা চুমুত যোৱা নিশা তালাচী চলাই বিলুপ্ত হোৱা বান্দৰ কেইটা উদ্ধাৰ কৰে বংগ আৰক্ষীয়ে ।
বংগ আৰক্ষীয়ে জোৰাইমোৰৰ ১৭ নং ঘাইপথত যোৱা নিশা নাগা তালাচীত সন্দেহ জনক ভাবে গাড়ীখন আটক কৰে ।অৱশ্যে গাড়ী খনৰ চালক সহ বন্য প্ৰাণীৰ অবৈধ তিনি গৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত লোক তিনিজনৰ এগৰাকী কেৰেলা আৰু আন দুজন মহাৰাষ্ট্ৰৰ বুলি নিজকে পৰিচয় দিছে ।
গুৱাহাটীৰ পৰা অনা তথা ধৃত বন্য প্ৰাণী সমূহ বনবিভাগৰ জৰিয়তে বংগৰ কোচবিহাৰ জিলাৰ ৰসিকবিলৰ মিনি চিৰিয়াখানাত ৰখা হয় ।
উল্লেখ্য যে, গুৱাহাটীৰ পৰা ছাগলীয়া হৈ বংগৰ বক্সিৰহাট আৰক্ষীৰ হাতত আটক হোৱা বন্য প্ৰাণী সমূহ অসমৰ প্ৰায় তিনিশ কিলোমিটাৰ পথ আৰু একডজনৰোধীক আৰক্ষী থানা স্বত্তেও কেনেকৈ পাৰ হল সেয়া অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ।