ডিজিটেল ডেস্ক, A NEWS 24×7 : গামোচা লৈ জাতিটো আগত ৰাখি কাৰো ওচৰত হাত পাতিব নালাগে। মুখ্যমন্ত্ৰীয়ে কয়, কমিটীসমূহে টকা-পইচা নোলোৱাকৈ হুঁচৰি গোৱাৰ ব্যৱস্থা কৰক। কমেও ৫০ঘৰ মানুহৰ ঘৰলৈ গৈ হুঁচৰি গোৱাৰ ব্যৱস্থা কৰক, তেতিয়া নিজেই পৰিয়াল বিলাকে মৰম দিব। কলাক্ষেত্ৰত বিহু কমিটীক সাহায্য বিতৰণ অনুষ্ঠানত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বিহুৰ অনুষ্ঠানৰ পৰা ২০০-৩০০ মিটাৰ দূৰত্বত মদৰ বেহা নচলাবলৈ সমিতিসমূহক আহ্বান মুখ্যমন্ত্ৰীৰ। চান্দা উঠোৱা টকাৰে মদ খালে বেয়া দেখি। ঘৰত মদ খাওক ক’বলৈ নাই। মদ খাই ঢলং–পলংকৈ মঞ্চত উঠিলে বেয়া দেখি।
১ জেঠৰ পাছত বিহু পাতিব নোৱৰিব বিহু অনুষ্ঠানৰ। বিহু অনুষ্ঠানৰ বাবে অনুমতি প্ৰদান নকৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্তলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আন সাংস্কৃতিক অনুষ্ঠান পাতক কিন্তু বিহু পাতিবলৈ প্ৰশাসনে অনুমতি নিদিয়ে।