ডিজিটেল ডেস্ক, anews24x7: ১৪ এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁৰ আগমনক লৈ মহানগৰ যান–বাহন আৰক্ষী কিছুমান বিশেষ পদক্ষেপ হাতত লৈছে। প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণৰ বাবে মহানগৰ যান–বাহন আৰক্ষীয়ে পথ নিৰ্দেশনা জাৰি কৰাৰ লগতে শুকুৰবাৰে অসমৰ বিভিন্ন চেনেলসমূহত বিজ্ঞাপনবিহীন অনুষ্ঠানৰ ব্যৱস্থাৰ বাবে আহ্বানো জনাইছে।
ইপিনে উজনিৰ পৰা অহা বাহনসমূহক মহানগৰ যান–বাহন আৰক্ষীয়ে কলিয়াবৰ হৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে নামনিৰ পৰা অহা বাহন বাইহাটা-তেজপুৰ পথেৰে আৰু ধুবুৰীৰ বাহন নৰনাৰায়ণ সেতু হৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। সৰুসজাইত বিহুৰ বিশ্ব অভিলেখৰ ঐতিহাসিত মুহূৰ্ত প্ৰতক্ষ্য কৰিবলৈ যিসকল যাব তেওঁলোকৰ হাতত কাৰ পাছ নাথাকিলে ষ্টেডিয়ামলৈ বাহন নানিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইপিনে সাধাৰণ জনতাক গুৱাহাটীৰ ৰাজপথ এৰি চলিবলৈ আৰু তাৰ পৰিৱৰ্তে গুৱাহাটীৰ ভিতৰত GS,MG,ATৰোড ব্যৱহাৰ কৰিবলৈ মহানগৰ আৰক্ষীয়ে আহ্বান জনাইছে।