ডিজিটল ডেস্ক, anews24x7: ২৯ মে’ৰ পৰা ৩১ মে’লৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব উচ্ছেদ। দৰঙৰ প্ৰায় ১২খন সৰু-বৰ চৰত চলিব প্ৰশাসনৰ বুলড’জাৰ। ইতিমধ্যে দৰং জিলা প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী।
উচ্ছেদিতৰ অনুৰোধ মৰ্মে ১০খনকৈ নাৱৰ ব্যৱস্থা কৰি দিছে প্ৰশাসনে। উচ্ছেদৰ পূৰ্বে অন্য স্থানলৈ ঢাপলি মেলিছে বহুকেইটা পৰিয়ালে।
ইফালে এই উচ্ছেদ সম্পৰ্কত দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ নাঙতেয়ে জনাইছে যে, ভূমিহীন উচ্ছেদিত লোকসকলক মৰিগাঁৱত সংস্থাপন কৰা হ’ব।
তেওঁ প্ৰকাশ কৰা অনুসৰি এই অঞ্চল কেইটাত বাস কৰি থকা লোকসকলে খেতি কৰিবলৈ আহি ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া চৰ অঞ্চলত থিতাপি লৈছে। যদিও উচ্ছেদ অভিযান ২৯ মে’ৰ পৰা আৰম্ভ হ’ব কিন্তু তাৰ পূৰ্বেই এই লোকসকলে এই অঞ্চল এৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে নিজৰ গাঁৱলৈ ঢাপলি মেলিছে।