অংকুৰ ডেকা, মৰিগাঁও: মৰিগাঁৱত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত ধৃত এজন লাট মণ্ডল। ধৃত লাট মণ্ডলজন ভোৰাগাওঁ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ত কৰ্মৰত জালালুদ্দিন শেখ।
মৰিগাঁও ভাড়া ঘৰত টকা লওঁতে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে মণ্ডল জালালুদ্দিন। ফাইজোদ্দীন নামৰ ব্যক্তি এজনৰ পৰা ইটাভাতা নিৰ্মাণৰ বাবে মাটিৰ NOC দিয়াৰ বাবে দাবী কৰিছিল পাঁচ লাখ টকা।
প্ৰথম কৃষ্টিৰ ২০ হাজাৰ টকা লওঁতে আজি দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে লাট মণ্ডল জালালুদ্দিন শেখ।
