Wednesday, March 11, 2026
Homeঅসমদৰমহাৰ পৰা বঞ্চিত ৰাজ্যৰ ৫২৪৩ গৰাকী ঠিকাভিত্তিক শিক্ষক

দৰমহাৰ পৰা বঞ্চিত ৰাজ্যৰ ৫২৪৩ গৰাকী ঠিকাভিত্তিক শিক্ষক

 

নগাঁও,১৪ জুন: ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই থাকিলেও চৰকাৰখন যে চৰম অৰ্থনৈতিক সংকটত ভূগিছে সেয়া যেন স্পষ্ট হৈ উঠিছে। জানিব পৰা মতে প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত কৰ্মৰত প্ৰায় ৫২৪৩ গৰাকী ঠিকাভিত্তিক শিক্ষকে চলিত মাহৰ ১৪ তাৰিখ পাৰ হোৱাৰ পাছতো দৰমহা পাবলৈ সক্ষম হোৱা নাই।

ঠিকাভিত্তিক শিক্ষক সকলৰ ২০২৩-২৪ বৰ্ষৰ কাৰণে বাৰ্ষিক বাজেট ৰাজ্যচৰকাৰে তিনিমাহ পূৰ্বে বিচাৰিছিল যদিও চৰকাৰখনৰ আৰ্থিক মন্দাৱস্থাৰ বাবে মাত্ৰ দুমাহৰ বাজেট মুকলি কৰি দিছিল। যাৰ ফলত শিক্ষক সকলে মাৰ্চ আৰু এপ্ৰিল মাহৰ দৰমহা পালে যদিও পুনৰ বাজেট বিচাৰি ৰাজ্য চৰকাৰে জিলা শিক্ষা বিষয়া সকললৈ নিৰ্দেশনা দিয়ে।

 ফলস্বৰূপে শিক্ষকসকলে পুনৰ বাজেট দাখিল কৰে যদিও আজি চলিত মাহৰ ১৪ দিন উকলি যোৱাৰ পাছতো বাজেট মোকলাই নিদিয়াত শিক্ষক সকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। নিয়মীয়া শিক্ষকসকলৰ বাজেট মুকুলাই দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কোষাগাৰ সমূহৰ জৰিয়তে দৰমহা লাভ কৰিছে যদিও ঠিকাভিত্তিক শিক্ষক সকলৰ বাজেট এই পৰ্যন্ত বিত্ত বিভাগে মোকলাই নিদিয়াত পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰত শিক্ষকসকল জটিল পৰিস্থিতিৰ মুখামুখি হৈছে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এই শিক্ষকসকলৰ চাকৰিক লৈয়ো কেতবোৰ নতুন নতুন সমস্যাৰ সৃষ্টি কৰি তুলিছে। একাংশ শিক্ষকে জানিবলৈ দিয়া মতে বৰ্তমান ৰাজ্য চৰকাৰে বিদ্যালয়সমূহত নতুনকৈ নিযুক্তি দিয়া শিক্ষকসকলৰ পদসমূহ পূৰ্বে ঠিকাভিত্তিক শিক্ষকসকলৰ নামত সংৰক্ষণ কৰি ৰাখিছিল। কিন্তু বৰ্তমান কোনো জাননী নিদিয়াকৈয়ে ঠিকাভিত্তিক শিক্ষকসকলৰ কাৰণে সংৰক্ষিত পদৰ বিপৰীতে বিজ্ঞাপন প্ৰকাশ কৰি নতুনকৈ নিযুক্তি দিয়াত পূৰ্বে কৰ্মৰত ঠিকাভিত্তিক শিক্ষক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

তাৰোপৰি এইসকল শিক্ষকে ২০২০ বৰ্ষৰ জুলাই মাহৰ পৰা আৰ অ পি অনুসৰি দৰমহা লাভ কৰে যদিও মাধ্যমিক শিক্ষা সঞ্চালক কাৰ্যালয়ৰ পৰা আজিলৈকে চিপিএফ অথবা এন পি এছ প্ৰদান নকৰিলে। আনকি এই শিক্ষকসকলে চাকৰি কৰি থকাৰ সময়ত মৃত্যু হ’লেও চৰকাৰৰ ফালৰ পৰা একো সা সুবিধা লাভ নকৰে। বৰ্তমান দৰমহা পাবৰ কাৰণে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে বাজেট মুকলি কৰি নিদিয়াত শিক্ষকসকল অদূৰ ভৱিষ্যতক লৈ শংকিত হৈ ঊঠিছে। ঠিকাভিত্তিক শিক্ষকসকলে ৰাজ্য চৰকাৰে অনতিপলমে বাজেট মুকলি কৰি দিয়াৰ সমান্তৰালকৈ শিক্ষা বিভাগক তেওঁলোকৰ সমস্যা সমূহ বিনা চৰ্তে পূৰণ কৰি বিদ্যালয় সমূহৰ শৈক্ষিক পৰিৱেশ সুস্থিৰ কৰি ৰাখিবৰ কাৰণে আহ্বান জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments