Thursday, November 7, 2024
Homeঅসমঅসমীয়াই স্মৰণ কৰিছে প্ৰাণৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক

অসমীয়াই স্মৰণ কৰিছে প্ৰাণৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক

ডিজিটেল ডেস্ক, anews24x7: কিমান উৎকণ্ঠা , কিমান প্ৰাৰ্থনা,জাউৰিয়ে জাউৰিয়ে চিঠি লগতে কিমান কবিতা.. কমৰেড ৰাভা উভতি আহিব আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫২ সংখ্যক মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।

প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ মণিকূটত স্থান দখল কৰা তিনিওকালৰ শিল্পী বিষ্ণু প্ৰসাদ ৰাভা কায়িকভাৱে নোহোৱা হোৱা ৫৪ বছৰেই হ’ল ৷ তথাপিও তেওঁ জীয়াই আছে আৰু জীয়াই থাকিব অসমীয়াক দি যোৱা বহু মূল্যৱান সম্পদৰাজিৰ জৰিয়তে ৷ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সৃষ্টিসমূহ কণমানিটোৰ পৰা বৃদ্ধগৰাকীলৈকে একপ্ৰকাৰে পূজা কৰে ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ বিশেষ আয়োজন৷ ৷

ইপিনে অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এইগৰাকী ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল।

আনহাতে বিষ্ণুপ্ৰসাদ ৰাভাই সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও তেখেতে কাম কৰিছে। তেওঁ বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments