Wednesday, March 11, 2026
Homeঅসমসদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ আৰু আছুৰ অষ্টাদশ মৰিগাঁও অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ...

সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ আৰু আছুৰ অষ্টাদশ মৰিগাঁও অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ বিষ্ণুৰাভা দিৱস পালন

অংকুৰ ডেকা, মৰিগাঁও: আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আছুৰ অষ্টাদশ মৰিগাঁও অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সহোযগত জিলা আছুৰ শ্বহীদ ভৱনত আয়োজন কৰা হয় বিষ্ণু ৰাভা দিৱস । জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে আত ধৰা অনুষ্ঠানৰ ৰাভা দিৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভণি কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু মূল বন্তি প্ৰজ্বলন কৰে আদৰণি সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰে, মাল্যাৰ্পণ কৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি অতনু শৰ্মাই ৷

তাৰ পিছতে ৰাভা দেৱলৈ শ্ৰদ্বাঞ্জলি জনাই প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে লগতে উপস্থিত থাকি ৰাভা দেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে আদৰণি সমিতিৰ যুটীয়া সম্পাদক হিমাংশু মহন্তৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা ৰাজু শৰ্মা আৰু আদৰণি সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল দাসে । জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধি নেতা দ্বয়ে কয় যে আমি সকলোৱে ৰাভা দেৱক সোৱৰণ কৰাৰ লগতে আগন্তুক দিনত ৰাভাৰ আলোকেৰে আলোকিত হৈ ৰাভা দেৱৰ সৃষ্টিৰাজি আৰু কৰ্মৰাজিক সৰোগত কৰি আমি ছাত্ৰ সমাজ আগবাঢ়ি যাব লাগিব ৷

তেওঁ নিজ কৰ্মৰাজিৰ জড়িয়তে নিজকে ন অসমৰ নৱজাগৰণৰ এজন সৃষ্টিশীল খনিকৰ ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমীয়া ভাষা- সাহিত্য, কলা-সংস্কৃতি, গীত-নৃত্য, অভিনয় সকলো ক্ষেত্ৰতে ৰাভাদেৱৰ অৱদান অনস্বীকাৰ্য৷ তেওঁ জাতি-ভেদ, উচ্চ-নীচ ভেদে এখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে আজীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল। আদৰণি সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰে কয় যে মহাপুৰুষ আদৰ্শ হিচাপে গ্ৰহণ কৰি ৰাভা দেৱে প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক সমভাৱাপন্ন ভাবে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছিল ।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে সদৰ আছু সভাপতি ঘনেন্দ্ৰ বৰা, সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি বৰ্মন, জিলা আছু সহ সম্পাদক সম্পাদক দিব্যজ্যেতি চৌধুৰী,প্ৰাক্তন ছাত্ৰ নেতা মৃগাংক মেধি, মণি বৰদলৈ,আৰু অংকুৰ ডেকা ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments