ডিজিটেল ডেস্ক, anews24x7: ঈদ-উল-আজহা বা ঈদ-উজ-জোহাই মানৱ প্ৰেম, ত্যাগ, আৰু ভাতৃত্ববোধক দৰ্শাই।আজিৰ দিনটোতে নবী ইব্ৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাৰ প্ৰতি উৎসৰ্গা কৰিছিল। তাৰে স্মৰণ কৰি আজিৰ এই পৱিত্ৰ দিনটোত সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মীয় লোকসকলে উৎসাহ-উদ্দীপনাৰে পৰম্পৰাগত ঈদ-উল-আজহা পালন কৰে।
আনহাতে ইছলামধৰ্মী লোকসকলে পালন কৰা দুটা প্ৰধান উৎসৱৰ ঈদ-উল-আজহা হ’ল এটা । ঈদ-উল-আজহাৰ লগত সংযুক্ত হৈ আছে আনকেইটামান ধৰ্মীয় পৰম্পৰা।ইপিনে ইছলাম–যাৰ অৰ্থ হ’ল শান্তি। মানৱ প্ৰেম এই ধৰ্মৰ অমোঘ শক্তি। জন্মভূমিৰ প্ৰতি দায়িত্ব আৰু ইয়াৰ ৰক্ষাৰ বাবে আত্মবলিদান দিবলৈ সদা প্ৰস্তুত হৈ থকা ধৰ্মটোৰ আন এক মহানতা। এই আত্মবলিদানৰ তাৎপৰ্যৰে প্ৰকাশ হ’ল এই ঈদ-উল-আজহা।