অমৰজ্যোতি ৰয়, গহপুৰ : বানে ধোৱা গহপুৰৰ বজাৰত এতিয়া শাক-পাছলিৰ অত্যাধিক মূল্যবৃদ্ধি পাইছে। বানে বহু লোকৰ শাক-পাছলি ক্ষতি সাধন কৰাৰ পাছতেই অভাৱনীয় হাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ দাম।বহু শাক-পাছলিৰ ব্যৱসায়ীয়ে বিলাহীৰ বিক্ৰীয়ে বন্ধ কৰি দিছে।
কাৰণ, ১০০ৰ পৰা ১২০ টকা পৰ্যন্ত হৈছে গৈ প্ৰতিকিলো বিলাহীৰ মূল্য। ভাত কেৰেলা ৮০ টকা, জিকা ৮০ টকা, ৰঙালাও কেজিত ৫০ টকা। মুঠৰ ওপৰত সকলো শাক-পাছলিৰ দাম ৫০ টকাৰ ওপৰত।
বানত দিশহাৰা হোৱা ৰাইজে এতিয়া শাক-পাছলি ক্ৰয় কৰিবলৈ গৈ থমকি ৰ’ব লগীয়া হৈছে।মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে গহপুৰ যোগান বিভাগ।