মৃত্যুঞ্জয় চক্ৰৱৰ্তী, কৰিমগঞ্জ: কৰিমগঞ্জৰ মুবাৰকপুৰত পথ দুর্ঘটনাত থিতাতে মৃত্যু হয় এগৰাকী মহিলাৰ। মৃত মহিলাৰ নাম ৰেহানা বেগম, বয়স ৩৮, ঘৰ ফকিৰাবজাৰৰ পুৰাহুৰিয়াত।
চৰগুলাৰ পৰা কৰিমগঞ্জলৈ আহি থকা AS 10C 5843 নম্বৰৰ অট’খন চহৰ সংলগ্ন এলংজুৰিত নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিলে দুর্ঘটনাগ্রস্থ হয়।
উল্লেখ্য, ঠাইখনত পথ প্ৰসাৰনৰ কাম চলি থকাৰ বাৱে পথৰ দাঁতিৰ মাটি খান্দি ৰখা আছিল, কিন্তু ঠিকাদাৰে ভালকৈ বেৰিকেড দিয়া নাছিল।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ অট’খন থানালৈ পঠোৱাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাৱে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।