ডিজিটেল ডেস্ক, ANEWS24X7: উজনিৰ অইলৰ খাৰুৱা তেলচোৰ চক্ৰৰ গুৱাহাটীৰ তেলৰ দালাল চক্ৰক বিচাৰি বিহাৰত ব্যাপক অভিযান তিনিচুকীয়া আৰক্ষীৰ৷ তিনিচুকীয়া আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে বিগত তিনিটা দিন বিহাৰত বাহৰ পাতি বিহাৰ আৰক্ষীৰ সহযোগত চলা অভিযানত আটক কু-খ্যাত তেলচোৰ ৰাকেশ সিং।
তিনিচুকীয়াৰ পৰা যোৱা আৰক্ষীৰ দলটোৱে বিহাৰৰ চাপৰা জিলাৰ বনিয়াপুৰৰ নিজা বাসগৃহৰ পৰা খেদি খেদি আটক কৰে কু-খ্যাত খাৰুৱা তেলচোৰ ৰাকেশ সিঙক৷ ৰাকেশ সিঙে গুৱাহাটীৰ বেহাৰবাৰীত এটা ভাড়াঘৰলৈ উজনিৰ অইলৰ চুৰি খাৰুৱা তেল চোৰাংভাবে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছিল৷
তিনিচুকীয়া সদৰ থানাৰ SI মহেন্দ্ৰ শইকীয়াৰ নেতৃত্বত যোৱা ছয়জনীয়া আৰক্ষীৰ দলটোৱে বহিঃৰাজ্যত অভিযান চলাই ধনাঢ্য তেলচোৰ ৰাকেশ সিঙক আটক কৰি দেওবাৰে পুৱাই তিনিচুকীয়াত উপস্থিত হয়হি অভিযানকাৰী আৰক্ষীৰ দলটো৷ লাংকাচি উৰাং বস্তিৰ খাৰুৱা তেলচুৰি ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড আছিল ৰাকিশ সিং। সম্প্ৰতি তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইচলামে চলাইছে মাৰথান জেৰা৷
