ডিজিটেল জেস্ক, anews24x7:অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ বৰপেটা সত্ৰ দৰ্শন। বৰপেটা ভ্ৰমণলৈ অহা ৰাজ্যপাল গৰাকীয়ে শুক্ৰবাৰে বৰপেটা সত্ৰ দৰ্শন কৰি সত্ৰত সেৱা জনায় ৷ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰ দৰ্শণ কৰি শ্ৰীমন্ত শংকৰ-মাধৱ গুৰুদুজনাৰ কথা স্মৰণ কৰে ৷
অসমলৈ অহাৰ পিচৰ পৰাই মই সৰ্বত্ৰ দুজন লোকৰ চৰ্চা শুনি আহিছো ৷ইয়াৰ অধিকাংশ লোকেই শ্ৰীমন্তশংকৰ মাধৱ গুৰুদুজনাক মানে ৷শংকৰ মাধৱ গুৰু দুজনাই সেই সময়ত বৈষ্ণৱ সংস্কৃতি ৰক্ষাৰ লগতে ধৰ্মৰ সৈতে মানুহক জৰিত কৰা প্ৰয়াসৰ বাবেই ইমান বছৰ পিচতো তেওলোকক স্মৰণ কৰি আহিছে ৷তেওলোকে সমাজক বহুত দি গৈছে ৷
তেওলোকৰ তপস্যা, সাধনা আৰু প্ৰচেষ্টাৰ লগতে তেওলোকে দি যোৱা শিক্ষাৰ বাবেই বৈষ্ণৱ ধৰ্ম আজি এনে উচ্চ শিখৰত উপনীত হৈছে ৷ আৰু এই সকলোৰে মুল হৈছে শংকৰদেৱ আৰু মাধৱদেৱ ৷অনাগত দিনলৈ গুৰুদুজনাক নৱপ্ৰজন্মই দুয়োগৰাকী মহাপুৰুষক সদায় স্মৰণ কৰি থাকিব বুলিও মন্তব্য ৰাজ্যপালৰ ৷
আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ ভাৰতবৰ্ষৰ অৰ্থনীতিৰ বিকাশৰ কথাও প্ৰকাশ কৰে ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই ৷ভাৰতবৰ্ষ অৰ্থনৈতিক দিশত বহুত সবল হৈছে ৷নৰেন্দ্ৰ মোডী অহাৰ পূৰ্বে ভাৰতৰ অৰ্থনীতি বিশ্বৰ একাদশ স্থানত আছিল ৷বৰ্তমান ভাৰতৰ স্থান ৫মলৈ উন্নীত হৈছে ৷যি বৃটিছে আমাক দুশ বছৰ শাসন কৰিছিল সেই ইংলেণ্ডকো আজি ভাৰতে পিচ পেলাইছে ৷
অনাগত দুই তিনিবছৰৰ ভিতৰতে ভাৰতবৰ্ষই বিশ্বৰ তৃতীয় অৰ্থনীতিলৈ উন্নীত হব ৷এইক্ষেত্ৰত জনতাৰ সহযোগ আৰু নৰেন্দ্ৰ মোডীৰ নেতৃত্বক প্ৰশংসা ৰাজ্যপালৰ ৷আজি ৰাজ্যপালগৰাকীয়ে গুৱাহাটীৰ পৰা আহি বৰপেটা সত্ৰ দৰ্শণৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, নিৰাপত্তা সংস্থা সমুহৰ বিষয়া আৰু চৰকাৰী বিভাগৰ বিভাগীয় বিষয়াৰ সৈতে আৱৰ্ত ভৱনত বৈঠকত উপস্থিত হয়।