ধুবুৰী, ১১অক্টোবৰ: গোলকগঞ্জৰ আগমনিৰ সোনাখুলীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত তিনি গৰাকী কিশোৰ কিশোৰী। ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত নিওতে মৃত্যু তিনি মহীয়া শিশুৰ।নিহত ক্ৰমে গাওঁ খনৰ মেহেদী হাসান (৭) জুবায়ুৰ ৰহমান (৯) মৰিয়ম খাতুন (১২) আৰু
আবু ৰাইহান (৩ মাহ।
AS 17 L / 6331 নম্বৰৰ চাৰি চকীয়া বাহন খনে কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখে আহি আছিল। পুৱা পথৰ দাঁতিত খেলি আছিল শিশু কিশোৰ কেইজন। অভিযোগ মতে বাহন খন চলাই আছিল এগৰাকী মহিলা। মহিলা গৰাকীৰ অসাৱধনতাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়। ইয়াক অঞ্চলটোত সৃষ্টি হৈছে মৃদু উত্তেজনাৰ।