ডিজিটেল ডেস্ক, ১২অক্টোবৰ: গোলকগঞ্জৰ অভিশপ্ত ঘৰটোত উপস্থিত স্থানীয় সাংসদ ৰকিবুল হুছেইন। শুকুৰবাৰে পুৱা আগমনিৰ সোনাখুলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাৰ ভাগত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। পশ্চিমবংগ পৰা ধুবুৰী অভিমুখী AS17L6331 নম্বৰৰ তীব্ৰ বেগী বিলাসী বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ঊমলি থকা এটা শিশুকে ধৰি চাৰিজনক মহতিয়াই নিয়ে।
ঘটনাস্থলীতে কিশোৰ কিশোৰী তিনিজনৰ মৃত্যু হয়। চিকিৎসালয় নিওতে মৃত্যু হয় শিশুটিৰো। ঘটনাটোক লৈ অঞ্চলটোত গভীৰ শোক ছা। আজি ঘৰখনত নিমাওমাও পৰিবেশ।
আজি দুৰ্গা পূজাস্থলী সমূহ পৰিদৰ্শন কৰিবলৈ আহি সোনাখুলিৰ দূৰ্ভগীয়া পৰিয়ালটোৰ আহি উপস্থিত হয়। সন্তান হেৰুওৱা দূৰ্ভগীয়া পিতৃ দুগৰাকীক সাক্ষাৎ কৰে। সমগ্ৰ ঘটনাৰ বুজ লৈ সমবেদনা জ্ঞাপন কৰে। উপযুক্ত ক্ষতিপুৰণৰ ব্যৱস্থা কৰি দিয়াৰ লগতে সাময়িক ভাৱে কিছু আৰ্থিক অনুদান আগবঢ়ায়।