Tuesday, July 8, 2025
Homeঅসম৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

ডিজিটেল ডেস্ক, ১৫অক্টোবৰ:  অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপনিৰ্বাচনৰ দিন। চামগুৰি, ধলাই, বঙাইগাঁও, বিহালী আৰু ছিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা।১৩ নৱেম্বৰত এই ৫টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন।লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা খালী হৈ আছে এই ৫ সমষ্টিৰ বিধায়ক পদ।২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোট গণনা।

১৮ অক্টোবৰত জাৰি হ’ব নিৰ্বাচনী অধিসূচনা। ২৫ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম দিন। ৩০ অক্টোবৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।

আনহাতে ঝাৰখণ্ড, মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে।মহাৰাষ্ট্ৰৰ ২৮৮টা সমষ্টিত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। মহাৰাষ্ট্ৰত ২০নৱেম্বৰত নিৰ্বাচন। মহাৰাষ্ট্ৰত ২৩ নৱেম্বৰত ভোট গণনা। এটা পৰ্যায়তে নিৰ্বাচন হ’ব মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচন।

আনফালে ঝাৰখণ্ডত ৮১টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ঝাৰখণ্ডত ১৩ নৱেম্বৰত প্ৰথম পৰ্যায়ত নিৰ্বাচন আৰু ঝাৰখণ্ডত ২০নৱেম্বৰত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন। ২৩ নৱেম্বৰত ঝাৰখণ্ডৰ বিধানসভাৰ ফলাফল ঘোষণা হ’ব।অসমৰ লগতে দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে। ১৩ নৱেম্বৰত চামগুৰি, ধলাই, বঙাইগাঁও, বিহালী আৰু ছিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন। আনফালে ২৩ নৱেম্বৰতে ঘোষণা হ’ব উপ-নিৰ্বাচনৰো ফলাফল। কেৰালাৰ ৱাড়নাড আৰু মহাৰাষ্ট্ৰৰ ননডেড লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments