নগাঁও, তীৰ্থ বৰা: বিশিষ্ট অভিনেতা আদিল হুছেইনক প্ৰদান কৰা হ’ল আনন্দৰাম ঢেকিয়াল ফুকন বঁটা। নগাঁৱৰ ঐতিহ্যময় আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০২৪বৰ্ষৰ এই বঁটা প্ৰদান কৰে বিশিষ্ট অভিনেতা গৰাকীক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননী গোপাল মহন্তৰ উপস্থিতিত এক
গাম্ভীৰ্যপূণ অনুষ্ঠানত বটা গ্ৰহণ কৰে আদিল যশস্বী অভিনেতা হুছেইনক।
বটা গ্ৰহণ কৰি আদিল হুছেইনে কয় যে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে বিশাল ব্যক্তিত্বৰ অধিকাৰীৰ নামত প্ৰদান কৰা বটা মোৰ বাবে বিৰল প্ৰাপ্তি। আনন্দৰাম ঢেকিয়াল ফুকনৰ সৃষ্টি ,ড:ভূপেন হাজৰিকাৰ শব্দ ,গুৰুজনাৰ গীত ,কবিতা আদিয়ে অসমীয়া জাতিক আগুৱাই নিছে। আগতে চহৰত শিক্ষকৰ সন্মান আটাইতকৈ বেছি আছিল। এতিয়া পৰিৱৰ্তন হৈছে। এতিয়া চহৰত টকা পইচা থকা লোকৰ সন্মান বেছি। এতিয়া সৰস্বতী দেৱীতকৈ লক্ষ্মীদেৱীৰ প্ৰভাৱ বেছি বুলি হুছেইনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড :ননী গোপাল মহন্তই আদিল হুছেইনৰ অভিনয়শৈলীৰ প্ৰশংসা কৰে।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড :সদানন্দ পায়েঙে আদৰণি ভাষণ প্ৰদান কৰে।
