মেষ ৰাশি ফলাফল
ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলীক সপোনত নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। সাধাৰনতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে কিন্তু আজি আপুনি কোনোবা অভাৱীলোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। সৰু ল’ৰা -ছোৱালী আপোনাক ব্যস্ত কৰি ৰাখিব আৰু মনটো সন্তুষ্টি লাভ কৰিব। আজি আপোনাৰ ধুনীয়া কাম বোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিৱাব নোৱাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।
বৃষ ৰাশি ফলাফল
ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। কিছুমান যিমান কৰিব পাৰে ,তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয় যি অকল নিজৰ গুণ গান গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। কামৰ বাবে সমৰ্পিত প্ৰফেশ্বনাল ব্যক্তি পইচা-পাতি আৰু কেৰিয়াৰৰ দিশত লাভদায়ক স্থিতিত থাকইব। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে।
মিথুন ৰাশি ফলাফল
বিজয়ী হোৱাৰ আনন্দই আপোনাৰ মন সুখেদি ভৰাই দিব। এই উৎসাহক দুগুন কৰিবৰ বাবে আপুনি নিজৰ সুখত বন্ধুসকলক অংশীদাৰ বনাব পাৰে। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। জীৱন সংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব তেতিয়া সাজ-সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। পৰিৱৰ্তিত সময়ৰ লগত চলিব বাবে নতুন শৈলী আপোন কৰি লোৱাটো বহুত গুৰুত্বপুৰ্ণ । অফিচ যোৱাৰ পিচতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ঘৰ পোৱাৰ পিচত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে । এই দিনটো আপোনাক আপোনাৰ জীৱন সংগীৰ এক অসাধাৰণ দিশ দেখুৱাব।
কৰ্কট ৰাশি ফলাফল
নিজৰ ব্যক্তিত্ব ক বিকশিত কৰিবৰ বাবে গভীৰ ভাৱে চেষ্টা কৰক। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হব পাৰে লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টি ভংগী বুজাত সমস্যাৰ সন্মূখীন হব পাৰে। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাৱি ভুল নকৰিব। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে ।
সিংহ ৰাশি ফলাফল
আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। বন্ধুৰ সমস্যা আৰু অশান্তি চলি থকা বাবে আপুনি ভাল অনুভৱ নকৰিব। যাক আপুনি ভাল পায় ,তাইৰ/তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। আজি মগজুৰ বহুত ব্যায়াম হব পাৰে , আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হব পাৰে লগতে বৰ্গ সাথঁৰৰ খেলো হব পাৰে ,আন কিছুমানে গল্প,চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। আপোনাৰ জীৱন সংগী দৈনন্দিন প্ৰয়োজন বোৰ পূৰণ কৰিব যাওতে পিছ হুঁহকিব পাৰে ,যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে।
কন্যা ৰাশি ফলাফল
আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। আপুনি ঘুৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিব লগীয়া হ’ব পাৰে। ৰুক্ষ স্বভাৱ হোৱা স্বত্বেও আপোনাৰ জীৱন সংগিনী আপোনাক পূৰ্ণ সহযোগ কৰিব। কোনোবা আজি আপোনাক তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। নিজৰ কামক খৰতকীয়া কৰিবৰ বাবে আপুনি টেকনিকি বস্তুত অধিক বিনিয়োগ কৰিব পাৰে। অসুবিধাক দ্ৰুত ভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব।
তুলা ৰাশি ফলাফল
বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব লগীয়া হ’ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ ঊনৈছ বিছে আপোনাৰ ক্ষতি কৰিব পাৰে, আপোনাৰ সহানুভূতি আৰু বুজন প্ৰকৃতিৰ বাবে আপুনি পুৰষ্কৃত হব,কিন্তু সাৱধান থাকক, কাৰণ সোনকালে লোৱা যিকোনো নিৰ্ণয় ভূল হব পাৰে। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাত লাভৰ সম্ভাৱনাও আছে। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব ,যদি আপুনি এনেকুৱা ভাল কামত অকণ মানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱা কৰিব বাবে বহুত সময় পাব আপুনি ,কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে।
বৃশ্চিক ৰাশি ফলাফল
প্ৰেম, উদ্দীপনা , সহানুভূতি , আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনা সমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণ সমূহ আপোনাৰ মাজত থাকি যায় তেতিয়া হ’লে এই গুণ সমূহ যিকোনো সময়ত ধনাত্মক ভাৱে প্ৰকাশ হ’ব। আজি কোনোবা লেনদাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফিৰত বিচাৰিব পাৰে। আপুনি ধন ঘুৰাই দিয়াৰ পিছত আৰ্থিক ভাৱে দূৰ্বল হব। আপোনাক পৰামৰ্শ দিয়া হল যে ঋন লোৱাৰ পৰা বিৰত থাকক। আপুনি বন্ধু-বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে ,কিন্তু গাড়ী চলোৱা সময়ত অধিক সাৱধান থাকক। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰং ক ভাল কৰিবৰ বাবে কৰা চেষ্টআ সন্তুষ্ট জনক হব। আপুনি আপোনাৰ জীৱন লগৰীৰ গুণ বোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে।
ধনু ৰাশি ফলাফল
গাড়ী চলোৱা সময়ত সাৱধান থাকক,বিশেষকৈ গাড়ী ঘুৰাওতে ।নহলে বেলেগৰ ভুলৰ বাবে আপুনি সমস্যাত পৰিব পাৰে। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ’ব। সন্ধিয়া সময়ত বন্ধুৰ লগত কটোৱা সময় বহুত বঢ়িয়া হব। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতা আপোনাক সদায়ে অন্যতকৈ আগ বঢ়াই ৰাখিব। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয় ।
মকৰ ৰাশি ফলাফল
কিছুদিনৰ পৰা হৈ থকা ঘটনা বোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব, শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। সময়ত আপোনাৰ সহায় যিকোনো মানুহৰ অথবা জীৱৰ জীৱন ৰক্ষা কৰিব পাৰে ,এই কথা আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু সিহঁতৰ প্ৰেৰণাৰ উৎস হৈ থিয় দিব। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপ্নাক বহুত লাভ দিব পাৰে। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণ বোৰ সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব।
কুম্ভ ৰাশি ফলাফল
বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ কমিশ্বন , লাভাংশ আৰু ৰোয়েল্টী ৰ পৰা আৰ্থিক লাভ হব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। অফিচত আপোনাৰ যাৰ লগত সকলোতকৈ কম কথা হয় ,তাৰ লগত আজি কথা হব পাৰে। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব।
মীন ৰাশি ফলাফল
আপুনি অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাজৰে থকা মানুহ সমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰ সেয়ে আপোনাৰ দ্বাৰা যিমান হব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল আৰু নিজকে ইমান হেচা প্ৰদান কৰা বন্ধ কৰক। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ’ব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে। আপোনাৰ মগজু আজি কম-কাজত ব্যস্ত থাকিব ,যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক’ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব,কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবাকিবি কৰোতে ব্যস্ত আছিল।