০১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ ৰাইজৰ উদ্যোগত আৰু সন্মতি সাপেক্ষে ৰাজ্য চৰকাৰ আৰু যোৰহাট জিলা- প্ৰশাসনৰ সহযোগত যোৰহাট ষ্টেডিয়ামত আয়োজন কৰা হৈছে।
প্ৰয়াত শিল্পীগৰাকীৰ চিতাভস্ম আজি যোৰহাটলৈ উপস্থিত হয় আৰু ০১ অক্টোবৰত অৰ্থাত কাইলৈ ষ্টেডিয়ামৰ নিৰ্দিষ্ট সুৰক্ষিত স্থানত ৰখা হ’ব, য’ত জনসাধাৰণে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। শিল্পী গৰাকীৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ অনুষ্ঠানভাগি পুৱা ৮:০০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈকে অব্যাহত থাকিব।
বৰপাত্ৰ আলিত থকা মূল গেটেৰে ৰাইজ প্রৱেশ কৰিব পাৰিব। ইয়াৰ পাছত শ্রদ্ধাঞ্জলিস্থলীলৈ গৈ ৰাইজে শ্রদ্ধাঞ্জলি অর্পণ কৰিব পাৰিব।
শৌচালয় আৰু খোৱা পানীৰ বাবেও সু-ব্যৱস্থা কৰা হৈছে। মৎস্যস্পৰ্শ অনুষ্ঠানটো ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, যিটো কেৱল পৰিয়ালৰ সদস্য আৰু আত্মীয়-স্বজনৰ মাজত সীমাবদ্ধ থাকিব। মৎস্যস্পৰ্শ অনুষ্ঠানটো ৰাইজৰ বাবে নহয়; ই কেৱল পৰিয়ালৰ সদস্যসকলৰ মাজতেই সীমিত।
যোৰহাট ষ্টেডিয়ামৰ গেলেৰীত ৰাইজ বহিব পাৰিব। পুৱা ০৮ বজাৰ পৰা ৯ বজালৈকে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হ’ব, পুৱা ৯.০০ ৰ পৰা ১০.৩০ বজালৈকে হ’বলগীয়া নাম-প্ৰসংগৰ বাবে উক্ত সমিতিয়ে প্রায় ২০০০ ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰিছে। ১০.৩০ বজাৰ পৰা ১১ বজালৈ ভাগৱত পাঠ, ১১ বজাৰ পৰা ১২ বজালৈকে গায়ন-বায়ন অনুষ্ঠিত হ’ব। দিনৰ ১২ বজাৰ পৰা প্ৰায় ২.৩০ বজালৈকে দিহানাম চলি থাকিব আৰু পুৱা ৮ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে ৰাইজৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান খোলা থাকিব। অনুষ্ঠানৰ সমগ্ৰ সময়খিনিত বহু সংখ্যক শিল্পীয়ে প্ৰয়াত শিল্পীগৰাকীৰ লাইভ পেইণ্টিং কৰিব।
