Friday, March 13, 2026
Homeঅসমকাৰাগাৰৰ বাহিৰত ক্ষুব্ধ প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি, শূন্যলৈ গুলীচালনা, জ্বলিল আৰক্ষীৰ বাহন

কাৰাগাৰৰ বাহিৰত ক্ষুব্ধ প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি, শূন্যলৈ গুলীচালনা, জ্বলিল আৰক্ষীৰ বাহন

শ্যামকানু-সিদ্ধাৰ্থক বাক্সা জে’ললৈ নিয়াক লৈ কাৰাগাৰৰ বাহিৰত জুবিন অনুৰাগীৰ প্ৰচণ্ড ক্ষোভ। বাক্সা কাৰাগাৰৰ বাহিৰত উত্তাল প্ৰতিবাদ

আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত কেইবাজনো আৰক্ষী আহত হোৱাৰ লগতে সংবাদ মাধ্যমৰ একাংশ লোকো আহত হয়।পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত লাঠিচালনাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে। কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। তাৰ পিছতে উত্তেজিত হৈ পৰে একাংশ প্ৰতিবাদকাৰী

উল্লেখযোগ্য যে আজি ১৪ দিনৰ চিআইডি জিম্মাৰ অন্ত পৰাৰ পিছত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। গুৱাহাটী চেণ্ট্ৰেল জে’লৰ পৰিৱৰ্তে ৫ অভিযুক্তক বাক্সা কাৰাগাৰলৈ প্ৰেৰণ কৰে। কিন্তু ৫ অভিযুক্তক লৈ বাক্সাত প্ৰৱেশ কৰাৰ পিছতে প্ৰতিবাদৰ সন্মুখীন হয় শ্যামকানু-সিদ্ধৰ্থ। আৰক্ষীয়ে প্ৰতিবাদৰ মাজতে আটাইকেইজন অভিযুক্তক বাক্সা কাৰাগাৰত প্ৰৱেশ কৰায়। কিন্তু তাৰ পিছতে কাৰাগাৰৰ বাহিৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

 

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments