১০ ডিচেম্বৰ, বুধবাৰৰ ভিতৰত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)য়ে দাখিল কৰিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট
চাৰ্জশ্বীট দাখিলৰ দিন চমু চাপি অহাৰ লগে লগে তদন্ত প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তুলিছে SITয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত খুঁত এৰা নাই অসম আৰক্ষীয়ে।
চাৰ্জশ্বীট দাখিলৰ সময় ওচৰ চপাৰ লগে লগে সামাজিক মাধ্যমত সক্ৰিয় হোৱা দেখা গৈছে জুবিন গাৰ্গৰ জীৱনসংগী গৰিমা শইকীয়া গাৰ্গক।
দেওবাৰ, সোমবাৰৰ পাছত মঙলবাৰেও ছ’চিয়েল মিডিয়াত বিশেষ পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ।
অতীতৰ স্মৃতি সুঁৱৰি গৰিমা শইকীয়া গাৰ্গে শ্বেয়াৰ কৰিছে কবিতা।
আজি সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে আপলোড কৰিছে জুবিন গাৰ্গৰ এটি কবিতা।
গৰিমা শইকীয়া গাৰ্গলৈ লিখা কবিতাটোত দেখা গৈছে জুবিন গাৰ্গৰ হস্তাক্ষৰ।
পুৰণি কবিতাটো শ্বেয়াৰ কৰি গৰিমাই লিখিছে এনেদৰে- ‘‘তোমাৰ কলিজাৰ পৰা মোৰ হৃদয়লৈ/ নিগৰি অহা শব্দ/ মই বিলীন মাথোঁ তোমাতেই।’’
মহানায়ক জুবিন গাৰ্গে কবিতাটোত লিখিছিল, ‘‘তোমাৰ কলিজাত দাগ লাগিব নিদিবা/ তাত লুকাই আছে মোৰ/ অনন্তকালৰ শব্দহীন স্পন্দন/ পৃথিৱীৰ প্ৰথম পুৱাৰ পৰা/ এতিয়ালৈকে নিগৰি অহা/ প্ৰত্যেকটো কবিতাৰ/ অস্থিৰ গুঞ্জন/ আৰু সময়ৰ শিলে শিলে সাঁথৰ হোৱা অস্ফুট প্ৰেমৰ/ অনাবিল ক্ৰন্দন।’’
