অৰুণাচলত প্ৰলয়ংকৰী বান। অৰুণাচলৰ কেয়ি পান্যোৰ জিলাত বুধবাৰে পুৱাৰ ভাগত অবিৰাম বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হয়। নীপকো প্ৰকল্পৰ ওপৰ ভাগত ভয়ংকৰ বান সৃষ্টি হৈছে। নীপকো প্ৰকল্পস্থলীত এই প্ৰলয়ংকৰী বান।ডাৱৰ বিস্ফোৰণ হোৱাৰ সন্দেহ কৰা হৈছে। খুলি দিয়া হৈছে ৰঙানদী প্ৰকল্পৰ কেইবাখনো গেট। লখিমপুৰত ভয়ংকৰ বানৰ আশংকা। নৈপৰীয়াক সতৰ্কবাণী লখিমপুৰ জিলা প্ৰশাসনৰ।
এই বানৰ ফলত কেয়ি পান্যোৰৰ নামনি অঞ্চলসমূহ পানীত ডুব যায় আৰু ১৮টা আৱাসিক গৃহ ক্ষতিগ্ৰস্ত হয়। একে সময়তে, ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত যানবাহন চলাচল ব্যাহত হয় আৰু বহু লোক আৱদ্ধ হৈ পৰে বুলি এজন বিষয়াই সদৰী কৰে।ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব দানি চুলুৱে কয় যে, ইয়াজালি চাৰ্কলৰ অন্তৰ্গত পুছাৰ ওচৰৰ নিপকো (NEEPCO) প্ৰকল্প কলনীত হোৱা আকস্মিক বানৰ ফলত তিনিজন লোক নিখোঁজ হোৱা বুলি খবৰ পোৱা গৈছে।
প্ৰচণ্ড বৰষুণৰ ফলত নিৰ্মাণাধীন এটা ৰিটেইনিং ৱাল ভাঙি পৰে আৰু বৃহৎ পৰিমাণৰ পানী কলনীটোৰ লগতে ইয়াৰ আশে-পাশৰ তলভূমি আৱাসিক অঞ্চলসমূহত সোমাই পৰে বুলি তেওঁ জানিবলৈ দিয়ে।
