Friday, August 7, 2026
Homeঅসমবানত ক্ষতি গ্ৰস্ত লোকৰ সকলৰ বাবে জৰীপ চলোৱাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে...

বানত ক্ষতি গ্ৰস্ত লোকৰ সকলৰ বাবে জৰীপ চলোৱাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে

যোৰহাট,গোলাঘাট , শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতি গ্ৰস্ত লোকৰ সকলৰ বাবে জৰীপ চলোৱাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

কাইলৈৰ পৰা এই জৰীপৰ প্ৰশিক্ষণ আৰম্ভ হব।

অহা ৩১ আগষ্ট ভিতৰত প্ৰথম পৰ্যায়ত জৰীপ সম্পূৰ্ণ হব।

এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই।

আজি মুখ্যমন্ত্ৰী গৰাকীয়ে যোৰহাটত হোৱা মোবাইল এপৰ জৰিয়তে বানত ক্ষয় ক্ষতিৰ দ্ৰুত মূল্যায়ন সমীক্ষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ

মানুহৰ ঘৰে ঘৰে গৈ ক্ষতিগ্ৰস্ত বুজ লৈ কৰা এই জৰীপ অহা ১০ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হব বুলি উল্লেখ কৰে।

ইয়াৰ পিছত অহা দিন সমূহত জিলা কেইখনৰ ক্ষয় ক্ষতিৰ বাবে কিমান টকা ব্যয় কৰা হব তাৰ হিচাপ উলিয়াই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হব বুলি উল্লেখ কৰে।

বানত ক্ষতি গ্ৰস্ত বিদ্যালয় সমূহলৈ ইতিমধ্য ২ লাখ টকা কৈ আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে যি সমূহ বিদ্যালয়ৰ পাঠ দানৰ পৰিৱেশ নাই সেই সমূহ বিদ্যালয় ইয়াত দাঁতিকাষৰীয়া বিদ্যালয় সমূহত শিক্ষা গ্ৰহণৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিদ্যালয় সমূহৰ পৰিদৰ্শকক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments