Thursday, March 12, 2026
Homeঅসমজেহাদী শক্তিৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

জেহাদী শক্তিৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

  • জেহাদী শক্তিৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী।
  • জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা ৰাজ্যৰ গৃহ বিভাগৰ।
  • জেহাদীৰ কাৰ্যকলাপক লৈ যথেষ্ট তৎপৰ হৈ পৰিছে ৰাজ্যৰ গৃহ বিভাগ।
  • জামাত-উল-মুজাহিদীনৰ ওপৰত অসম আৰক্ষীয়ে ৰাখিছে কঠোৰ দৃষ্টি।
  • আনছাৰুল্লাহ বাংলা টীমৰ বিৰুদ্ধেও আছে অসম আৰক্ষীৰ চোকা নজৰ।
  • আৰক্ষীৰ নজৰত আছে সন্ত্ৰাসবাদী সংগঠন AQISও। আল কাইডাৰ লগত জড়িত আনছাৰ আল ইছলাম
  • জেহাদী সম্পৰ্কীয় সকলো প্ৰসাৰ-প্ৰসাৰক বে-আইনী ঘোষণা কৰা হৈছে ৰাজ্যত।
  • সামাজিক মাধ্যমতো চকু ৰাখিছে অসম আৰক্ষীয়ে।
  • আইন উলংঘাকাৰীৰ বিৰুদ্ধে BNSSৰ 98 ধাৰা অনুসৰি বিহিত ব্যৱস্থা ল’ব অসম আৰক্ষীয়ে।
  • উল্লেখযোগ্য যে শেহতীয়াকৈ অসমত জেহাদী শক্তিৰ কাৰ্যকলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল।
  • খাৰুপেটীয়াত গ্ৰেপ্তাৰ হৈছিল এটা জেহাদী।
  • বাংলাদেশ আৰু পাকিস্তানৰ জেহাদীৰে লিংক পোৱা গৈছিল জেহাদীটোৰ।
  • জেহাদীৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলাই ৰাখিছে অভিযান।
  • একাংশ লোকে সামাজিক মাধ্যমতো জেহাদীৰ সমৰ্থনত বক্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
  • এইসকল অসমবিৰোধী লোকৰ বিৰুদ্ধে অনাগত সময়ত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছে অসম আৰক্ষী।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments