- ব্রহ্মপুত্রত গা ধুবলৈ গৈ নিখোঁজ ৫ জন লোক
- খাৰঘুলীৰ ভক্তি কুটিৰলৈ গৈছিল লোককেইজন
- মন্দিৰত পূজা অর্চনাৰ বাবে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিল ৮ জন লোক
- ৩ জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ
- এতিয়াও সন্ধানহীন হৈ আছে ৫ জন লোক
- সন্ধানহীন লোককেইজনক বিচাৰি নদী আৰক্ষী, NDRFৰ অভিযান অব্যাহত
- পানীত নমা দুজন যুৱকৰ নাম উপেশ কুমাৰ আৰু উপেন কুমাৰ।
- তেওঁলোক দুয়োৰে ঠিকনা গুৱাহাটীৰ উলুবাৰীৰ ইস্কন মন্দিৰ।
- সম্প্ৰতি সন্ধানহীন অন্য যুৱককেইজনৰ সন্ধানত উদ্ধাৰ অভিযানত নামি পৰিছে NDRF আৰু আৰক্ষীৰ দল।
- উদ্ধাৰ হোৱা ৪ জন যুৱকক সোধা-পোছা আৰক্ষীৰ।
- আৰক্ষীৰ ওচৰত যুৱককেইজনৰ ভাষ্য অনুসৰি নদীৰ পাৰত ফল-মূল খাবলৈ, গা ধুবলৈ গৈছিল তেওঁলোক।
- নদীৰ পাৰলৈ যোৱা দলটোৰ নেতৃত্ব লৈছিল ভক্তি কুটীৰৰ স্বত্বাধিকাৰীৰ পুত্ৰই।
