বুধবাৰে BlueBird Block-2 উপগ্ৰহৰ সফল উৎক্ষেপণ কৰা হয়। LVM3ৰ BlueBird Block-2 উপগ্ৰহৰ সফল উৎক্ষেপণ কৰে ইছৰ’ৱে। LVM3ৰ উৎক্ষেপণ কৰিবলগীয়া আটাইতকৈ গধুৰ পেলোড। LVM3 হৈছে দুটা কঠিন ষ্ট্ৰেপ-অন মটৰ।LVM3এ চন্দ্ৰযান-২,৩ৰ সফল উৎক্ষেপণ কৰিছিল। ২০২৫ৰ ২ নৱেম্বৰতো উপগ্ৰহ উৎক্ষেপণ কৰিছিল। ইছৰ’ৰ শক্তিশালী ৰকেট LVM3-এ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ষষ্ঠটো কাৰ্যকৰী উৰণ সম্পূৰ্ণ কৰে।
পুৱা ৮:৫৪ বজাত BlueBird Block-2 উৎক্ষেপণ কৰা হয়। এই অভিযানে মোবাইল সংযোগৰ জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। মোবাইল ফোনে অচিৰেই টাৱাৰ অবিহনেও লাভ কৰিব নেটৱ’ৰ্ক।ব্লুবাৰ্ড ব্লক-২ কোনো সাধাৰণ উপগ্ৰহ নহয়। এইটোৱেই হ’ব এতিয়ালৈকে নিম্ন পৃথিৱী কক্ষপথ (LEO)লৈ উৎক্ষেপণ কৰা আটাইতকৈ বৃহৎ বাণিজ্যিক যোগাযোগ উপগ্ৰহ।
এই উপগ্ৰহটোৱে মহাকাশৰ পৰা মোবাইল ফোনত পোনপটীয়াকৈ 4G আৰু 5G সংযোগ প্ৰদান কৰিব। আপুনি পৃথিৱীৰ য’তেই নাথাকক কিয় নেটৱৰ্কৰ সুবিধা লাভ কৰিব। ইয়াৰ ফলত ভইচ আৰু ভিডিঅ’ কল সহজ হ’ব, আৰু টেক্সট মেছেজিং আৰু ষ্ট্ৰীমিঙো নিৰৱচ্ছিন্ন হ’ব।
