Wednesday, March 18, 2026
Homeঅসমপ্ৰাঞ্জল শইকীয়াৰ মন্তব্য পিছতে সংবাদমেল পাতি মানস ৰবীনে ক’লে

প্ৰাঞ্জল শইকীয়াৰ মন্তব্য পিছতে সংবাদমেল পাতি মানস ৰবীনে ক’লে

প্ৰাঞ্জল শইকীয়াৰ মন্তব্য পিছতে সংবাদমেল পাতি মানস ৰবীনে ক’লে ‘জুবিনক্ষেত্ৰক লৈ বিতৰ্ক হ’ব নালাগে। জুবিনদা ৰাইজৰ সম্পদ। আমি সকলোৱে জুবিন গাৰ্গৰ আৱৰি ৰাখিম। মই কৈছিলো যে ৩ দিনৰ ভিতৰত জুবিন ক্ষেত্ৰৰ পৰিৱেশ সলাই দিম। সঁচাকৈয়ে জুবিন ক্ষেত্ৰৰ পৰিৱেশ সলনি হৈছে। মই নিজেই কৰো বা বেলেগৰ দ্বাৰাই কৰো কিন্তু মোৰ যিটো পদক্ষেপ, সেইটোৱে নিশ্চয় কিবা এটা কাম দিছে। জুবিন গাৰ্গ ক্ষেত্ৰক লৈ অনাহুত বিতৰ্ক হোৱাটো নিবিচাৰো। আমি সিদ্ধান্ত লৈছিলোঁ ৰবীন আৰ্মীৰ দ্বাৰা এটা গৃহ নিৰ্মাণৰ। কথা কওঁতে সাৱধান হ’ব লাগে। কোনো ধৰণৰ বিতৰ্ক হ’ব নালগে। কাৰণ জুবিন গাৰ্গ সম্প্ৰীতিৰ নিৰ্দশন।’’

‘‘জুবিন গাৰ্গ ক্ষেত্ৰ নিৰ্মাণ কমিটীয়ে এই ছমাহে কি কৰিলে। মানস ৰবীন যোৱাৰ পাছত ততাতৈয়াকৈ কাম আৰম্ভ কৰিলে। মানস ৰবীন অকলে নহয়, আমি সমিল মিলেৰে কাম কৰি ভাল পাওঁ। জুবিন ক্ষেত্ৰ অৱহেলিত হ’ব নালাগে। কাইলৈ ৬ বজাত জুবিন অনুৰাগীসকলক আমন্ত্ৰণ জনাইছো। আমি কেনেকৈ সহায় কৰিব পাৰো তাৰ ওপৰত আলোচনা হ’ব। ৰাজহুৱা কমিটী এখনো থাকিব লাগে। সেই উদ্দেশ্য আগত ৰাখি আমি একত্ৰিত হ’ম।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments